ETV Bharat / state

নলবাৰীত দিবা-নৈশ ফুটবল প্ৰতিযোগিতা,চেম্পিয়ন গোৱালপাৰা এফ চি

author img

By

Published : Nov 11, 2019, 10:07 AM IST

নলবাৰী জিলাৰ মাখিবাহাত সভাৰাম পাঠক সোঁৱৰণি দিৱা-নৈশ ফুটবল প্ৰতিযোগিতা ৷ চূড়ান্ত খেলত চেম্পিয়নৰ খিতাপ গোৱালপাৰা ফুটবল ক্লাৱৰ ৷

নলবাৰীত দিবা-নৈশ ফুটবল প্ৰতিযোগিতা, চেম্পিয়ন গোৱালপাৰা এফ চি

নলবাৰী, 11 নৱেম্বৰ: নলবাৰী জিলাৰ মাখিবাহা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মাখিবাহা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত অনুষ্ঠিত হৈছিল দিবা-নৈশ ফুটবল মেচ ৷ 2 নৱেম্বৰৰ পৰা অনুষ্ঠিত হোৱা দ্বিতীয় বাৰ্ষিক সভাৰাম পাঠক সোঁৱৰণি দিবা-নৈশ ফুটবল প্ৰতিযোগিতাখনৰ দেওবাৰে অনুষ্ঠিত হয় চূড়ান্ত খেলখন ৷ চূড়ান্ত খেলখনত গোৰেশ্বৰ ফুটবল ক্লাৱক পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ দখল কৰে গোৱালপাৰা ফুটবল ক্লাৱে ৷ 7-6 গ'লৰ ব্যৱধানত জয়ী হয় গোৱালপাৰা ফুটবল ক্লাৱ দলটো । নিৰ্দ্ধাৰিত সময়লৈকে খেলখন 1-1 গ'লত অমীমাংসিত হোৱাত ৰেফাৰীয়ে টাইব্ৰেকাৰ পদ্ধতিত নিৰ্ণয় কৰে বিজয়ী। য’ত টাইব্ৰেকাৰত 7-6 গ'লৰ ব্যৱধানত গোৱালপাৰা ফুটবল ক্লাৱে জয়লাভ কৰে ।

চেম্পিয়ন গোৱালপাৰা এফ চি
চেম্পিয়ন গোৱালপাৰা এফ চি

প্ৰাক্তন ৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ তথা ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক জুৱেল বে'ই উদ্বোধন কৰা চূড়ান্ত খেলখনৰ উদ্বোধনী অনুষ্ঠানত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠক,সম্পাদক অক্ষয় ডেকা, শিক্ষা সম্পাদক ৰিয়াজ উদ্দিন আহমেদ, মাখিবাহা গ্ৰামোন্নয়ন সমিতিৰ সম্পাদক ৰঞ্জিত কুমাৰ শৰ্মা আদিকে ধৰি কেবাজনো ব্যক্তিয়ে অংশ লয়। খেলৰ আৰম্ভণিতে সভাৰাম পাঠকৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে পৰিয়ালৰ হৈ দিলীপ পাঠকে ।

দিবা-নৈশ ফুটবল প্ৰতিযোগিতা চেম্পিয়ন গোৱালপাৰা এফ চি

খেলৰ শেষত অনুষ্ঠিত বঁটা বিতৰণী সভাত বিজয়ী গোৱালপাৰা ফুটবল ক্লাৱ আৰু বিজিত গোৰেশ্বৰ ফুটবল ক্লাৱক সভাৰাম পাঠক সোঁৱৰণি চলন্ত ট্ৰফী আৰু নগদ ধন প্ৰদান কৰা হয় । খেলত শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে গোৱালপাৰা দলৰ চিন্তু মাৰাকে আৰু শ্ৰেষ্ঠ গ'ল ৰক্ষকৰ বঁটা লাভ কৰে গোৰেশ্বৰ দলৰ দৈমালো বসুমতাৰীয়ে ।

লগতে চাওক- আন্তঃৰাষ্ট্ৰীয় টি-20 ত দীপক চহাৰৰ বিশ্ব অভিলেখ

Intro:# মাখিবাহাত সভাৰাম পাঠক সোৱৰণি দিৱা-নৈশ ফুটবল প্ৰতিযোগিতাত গোৱালপাৰা চেম্পিয়ন #
Body:মাখিবাহা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মাখিবাহা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত চলি থকা দ্বিতীয় বাৰ্ষিক সভাৰাম পাঠক সোৱৰণি দিবা-নৈশ ফুটবল প্ৰতিযোগিতাৰ দেওবাৰে নিশা অনুষ্ঠিত চুড়ান্ত খেলত গোৱালপাৰা ফুটবল ক্লাৱে গোৰেশ্বৰ ফুটবল ক্লাৱক ৭ - ৬ গ'লত পৰাজিত কৰি চুড়ান্ত বিজয়ী সন্মান লাভ কৰে । নিৰ্দ্ধাৰিত সময়ত খেল খন ১ -১ গ'লত অমীমাংসিত হোৱাত ৰেফাৰীয়ে টাইব্ৰেকাৰ পদ্ধতি অৱলম্বন কৰে । টাইব্ৰেকাৰত ৭-৬ গ'লৰ ব্যৱধানত গোৱালপাৰা ফুটবল ক্লাৱে জয়লাভ কৰে । প্ৰাক্তন ৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ তথা ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক জুৱেল বে'ই উদ্বোধন কৰা চুড়ান্ত খেলখনৰ উদ্বোধনী অনুষ্ঠানত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠক, সম্পাদক অক্ষয় ডেকা, শিক্ষা সম্পাদক ৰিয়াজ উদ্দিন আহমেদ, মাখিবাহা গ্ৰামোন্নয়ন সমিতিৰ সম্পাদক ৰঞ্জিত কুমাৰ শৰ্মা , আদি কেবাজনেও অংশ লয় । খেলৰ আৰম্ভণিতে সভাৰাম পাঠকৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে পৰিয়ালৰ হৈ দিলীপ পাঠকে । খেলৰ শেষত অনুষ্ঠিত বঁটা বিতৰণী সভাত বিজয়ী গোৱালপাৰা ফুটবল ক্লাৱ আৰু বিজিত গোৰেশ্বৰ ফুটবল ক্লাৱক সভাৰাম পাঠক সোৱৰণি চলন্ত ট্ৰফি আৰু নগদ ধন প্ৰদান কৰা হয় । খেলত শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে গোৱালপাৰা দলৰ চিন্তু মাৰাকে আৰু শ্ৰেষ্ঠ গ'ল ৰক্ষকৰ বঁটা লাভ কৰে গোৰেশ্বৰ দলৰ দৈমালো বসুমতাৰীয়ে ।Conclusion:কৈলাস ডেকা, নলবাৰী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.