ETV Bharat / state

ৰাজ্যত অব্যাহত বানৰ তাণ্ডৱ - উত্তৰ অভয়াপুৰী

ৰাজ্যত অব্যাহত আছে বানৰ তাণ্ডৱ। বানৰ কবলত পৰিছে উজনিৰ পৰা নামনিলৈ সকলো অঞ্চল। বানাক্ৰান্তই ঢাপলি মেলিছে নিৰাপদ স্থানলৈ ।

ৰাজ্যত অব্যাহত বানৰ তাণ্ডৱ
author img

By

Published : Jul 24, 2019, 4:08 PM IST

নিউজ ডেস্ক,২৪জুলাই : ৰাজ্যত অব্যাহত আছে বানৰ তাণ্ডৱ। উজনিৰ পৰা নামনিলৈ চৌদিশে এতিয়া কেৱল পানী আৰু পানী। নলবাৰী জিলাৰ ধমধমা,বালিতাৰা,বৰআগ্ৰা,চতাইবাৰী,নমাতিকে ধৰি বহু অঞ্চল প্লাৱিত হৈ পৰিছে । মঙলবাৰে নিশা ভাৰতীয় সেনাই উদ্ধাৰ কৰে বানাক্ৰান্তসকলক। ইফালে,চিৰাঙৰো বহু অঞ্চলত বানে চলায় সন্ত্ৰাস। বানৰ বাবে অঞ্চলটোৰ বহু পৰিয়ালৰ ঘৰ-দুৱাৰ যায় উটি। বিলাসীপাৰাতো ভয়ংকৰ ৰূপ লৈছে বানে। ভূটানে এৰি দিয়া পানী অস্বাভাৱিক গতিত বৃদ্ধি পাইছে গৌৰাং নৈৰ পানী। ডিয়াবাৰী,আন্দুৰঝাৰ,এলেংমাৰী,নয়াপাৰা, শিমলাবাৰী আদি গাঁৱত জলবন্দী সহস্ৰাধিক লোক ৷ NDRF,SDRF আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে ওৰে নিশা উদ্ধাৰ কৰে বানাক্ৰান্তসকলক। হাকামা অঞ্চলতো বাঢ়নী পানীৰ সোঁতে ছিঙি নিয়ে পথটোৰ আধা অংশ। বঙাইগাঁৱৰ উত্তৰ অভয়াপুৰীত গড়কাপ্তানী পথ ছিঙাৰ ফলত ব্যাহত হৈ পৰে যোগাযোগ ব্যৱস্থা ।

Intro:বিলাসীপাৰা বান পানীৰ ভয়াৱহ ৰূপ |
ভূটানে এৰি দিয়া পানীত অস্বাভাৱিক গতিত বৃদ্ধি গৌৰাং নৈৰ পানী |
গৌৰাং নৈৰ বাঢ়নী পানীত প্লাবিত বিলাসীপাৰা ৰাজহ চক্ৰৰ বহু ন ন অঞ্চল |
ডিয়াবাৰী, আন্দুৰঝাৰ, এলেংমাৰী, নয়াপাৰা, শিমলাবাৰী আদি গাঁৱত জলবন্দি সহস্ৰাধিক লোক |
গোটেই নিশা উদ্ধাৰ অভিযান NDRF, SDRF আৰু অগ্নি নিৰ্বাপক বাহিনীৰ |
নিশা ১২-৩০ বজালৈ গাঁও কেইখনৰ পৰা উদ্ধাৰ সাত শতাধিক জলবন্দি লোকক |
৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰি গৈছে নৈ খনৰ বাঢ়নী পানী |
হাকামা অঞ্চলত বাঢ়নী পানীৰ সোঁতে ছিঙি নিয়ে পথটোৰ আধা অংশ |Body:নিশা পথটোৰ ছিঙা অংশত সোমাই পৰে চালক সহ ডাম্পাৰ |
পুৰ্বৰে পৰা প্ৰশাসনে সষ্টম কৰি ৰখা উদ্ধাৰকাৰী দলে পানীৰ সোঁতৰ পৰা উদ্ধাৰ কৰে চালক জনক |
প্ৰশাসনে বন্ধ কৰি দিছে পথটোৰে যোগাযোগ ব্যৱস্থা |
বিলাসীপাৰা কোকৰাঝাৰ সংযোগী পথতো বাগৰিছে বাঢ়নী পানী |
পথছোৱাতো বন্ধ কৰি দিছে যোগাযোগ ব্যৱস্থা |
Conclusion:পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.