ETV Bharat / state

নতুন ৰূপত আহি আছে কেব: ড৹ হিমন্ত বিশ্ব শৰ্মা - কেবৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

নলবাৰীত ভাষ্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত অংশ গ্ৰহণ কৰি সাংবাদিকৰ আগত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য ৷ কলে সংসদৰ শীতকালীন অধিৱেশনত গৃহীত হ'ব কেব ৷

থলুৱাৰ স্বাৰ্থত অতি শীঘ্ৰে গৃহীত হব কেব: হিমন্ত বিশ্ব শৰ্মা
author img

By

Published : Nov 15, 2019, 7:02 PM IST

নলবাৰী, 15 নৱেম্বৰ: আগন্তুক সাংসদৰ শীতকালীন অধিৱেশনত গৃহীত হ'ব কেব ৷ শুকুৰবাৰে নলবাৰীত সাংবাদিকৰে হোৱা মুখামুখিত এই মন্তব্য কৰিলে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ শুকুৰবাৰে কুমাৰ ভাষ্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত অংশ লবলৈ নলবাৰীত উপস্থিত হয় বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ ইফালে, অনুষ্ঠানৰ শেষত সাংবাদিকৰে হোৱা এক মুখা-মুখিত কেব সন্দৰ্ভত কিছু তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ালে অসম চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰীগৰাকীয়ে ৷ যি সময়ত কেবৰ বিৰুদ্ধে ৰাজ্যত কৃষক-মুক্তি, আছুকে ধৰি বহুতো জাতীয় দল সংগঠনে তীব্ৰ প্ৰতিবাদ অব্যাহত ৰাখিছে সেই সময়তে নলবাৰীত অতি শীঘ্ৰে কেব গৃহীত কৰা হ'ব বুলি বিস্ফোৰক মন্তব্য কৰিলে মন্ত্ৰী হিমন্ত বিশ্বই ৷ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে, সংসদৰ আগন্তক শীতকালীন অধিৱেশনত কেব গৃহীত হোৱাটো চূড়ান্ত কৰা হৈছে এই কথা খোদ দলৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে গুৱাহাটীলৈ আহি ঘোষণা কৰিছে ৷ ইফালে, কেবৰ ফলত অসমৰ খিলঞ্জীয়া মানুহৰ কোনো ক্ষতি নহয় বুলি দায়সৰা মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ সাংবাদিকে ৰাজ্যুজৰি আছু আৰু কৃষক মুক্তিয়ে অব্যাহত ৰখা কেব বিৰোধী আন্দোলন সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়, "গনতন্ত্ৰত সকলোৱে প্ৰতিবাদ কৰিব পাৰে ৷ প্ৰতিবাদ গনতন্ত্ৰৰ বিভূষণ" ৷

থলুৱাৰ স্বাৰ্থত অতি শীঘ্ৰে গৃহীত হব কেব: হিমন্ত বিশ্ব শৰ্মা

আৰু পঢ়ক: কামাখ্যা জংচনত উৰিল ১০ লাখ টকীয়া ৰাষ্ট্ৰীয় পতাকা

Intro:শীতকালীন অধিবেশনত দুদিনৰ ভিতৰত গৃহীত হৱ কেৱ।Body:নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলক লৈ ৰাজ্য ত আছুকে ধৰি বিভিন্ন দল সংগঠনে তীব্ৰ প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে নলবাৰীত বিস্ফোৰণ মন্ত্ৰী হিমন্ত বিশ্বৰ ।আগন্তুক শীতকালীন অধিৱেশনত দুদিনৰ ভিতৰত কেব গৃহীত হ'বই বুলি সদৰি কৰি ইয়ে থলুৱাৰ ক্ষতি নকৰে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।কেবক আছুৱে সংবিধান বিৰোধী আখ্যা দিয়া সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰি গণতন্ত্ৰত সকলোৱে মন্তব্য কৰিব পাৰে বুলি কৈ প্ৰতিবাদ গণতন্ত্ৰৰ একো একোটা বিভূষণ বুলি মন্তব্য কৰে ।নলবাৰীস্থিত কুমাৰ ভাষ্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত অংশ লৈ এই মন্তব্য মন্ত্ৰী গৰাকীৰ ।
Conclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.