ETV Bharat / state

কৃষকৰ আৰ্তনাদ: ৰঙিয়াত বালিত পোত গ'ল বিঘাই বিঘাই কৃষিভূমি - কৃষকৰ আৰ্তনাদ

ৰঙিয়াত কৃষকৰ নাজল নাথল অৱস্থা ৷ কৃষিভূমিত তৰপে তৰপে বালি (Crop submergence in Assam flood) ৷ এসাজ ভাতৰ বাবে হাহাকাৰ কৰিছে দুৰ্ভগীয়া কৃষকে (Farmers lost their farmland in floods) ৷

The flood has caused extensive damage to crop field
ৰঙিয়াত বালিত পোত গ'ল বিঘাই বিঘাই কৃষিভূমি
author img

By

Published : Jul 1, 2022, 7:42 AM IST

ৰঙিয়া, 1 জুলাই : ৰাজ্যত অব্যাহত আছে বানৰ সংহাৰ (Assam Flood 2022)৷ ৰাজ্যখনৰ কিছু অংশত বান শাম কাটিছে যদিও অধিকাংশ অঞ্চলৰ ৰাইজে এতিয়াও আৱদ্ধ হৈ আছে বানত ৷ ৰাজ্যত হোৱা এই দ্বিতীয়টো বানত মানুহ আৰু পশুধনৰ লগতে কৃষিভূমিৰো বিস্তৰ ক্ষতিসাধন হৈছে ৷ শেহতীয়াকৈ প্ৰকাশ হোৱা এক তথ্য অনুসৰি চলিত বৰ্ষৰ দ্বিতীয়টো বানত ২১ খন জিলাৰ 47009 খন ৰাজহ গাঁৱৰ ৩ লাখ ৬৩ হাজাৰ ৯৭ টা কৃষিজীৱি পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে (Crop submergence in Assam flood) ৷

ইয়াৰ পিছতে কৃষিভূমি হেৰুৱাই মূৰে কঁপালে হাত দিছে বানত সৰ্বস্বান্ত হোৱা কৃষকে (Farmers lost their farmland in floods) ৷ ৰঙিয়াৰ বগৰীবাৰী অঞ্চলত বালিত পোত গৈছে বিঘা বিঘা কৃষিভূমি ৷ অঞ্চলটোত পুঠিমাৰী নৈৰ মথাউৰি ছিঙি অহা ঢলে হেজাৰ হেজাৰ বিঘা কৃষিভূমি প্লাৱিত কৰিছিল । ফলত ঠায়ে ঠায়ে 10 ৰ পৰা 15 ফুটকৈ কৃষিভূমি বালিৰ তৰপে পুতি পেলাইছে ৷

ৰঙিয়াত বালিত পোত গ'ল বিঘাই বিঘাই কৃষিভূমি

এনে পৰিস্থিতিত এতিয়া মূৰে কপালে হাত দিব লগা হৈছে খেতিয়কসকলে । এসাজ খাই এসাজ লঘোনে থাকি কোনোমতে জীৱন নিৰ্বাহ কৰিব লগা হৈছে দুৰ্ভগীয়া কৃষকসকলে । জীৱিকাৰ মুল সম্বল সপোনৰ ধাননি পথাৰখন এনেদৰে পানী অথবা বালিৰ তলত পোত গৈ থকাত পেটত গামোচা বান্ধি দিন অতিবাহিত কৰিবলৈ বাধ্য হৈছে অঞ্চলটোৰ শতাধিক কৃষকে ।

অঞ্চলটোত চাৰিওফালে বালিয়ে কেৱল মৰুভূমি সদৃশ পৰিৱেশৰ সৃষ্টি কৰিছে । কিছু কিছু ঠাইত কৃষিভূমিসমূহ নদীলৈ পৰিণত হৈছে ৷ বানপীড়িত অঞ্চলটোত ক্ষয় ক্ষতিৰ বুজ লবলৈও অসহায় কৃষকসকলৰ ওচৰলৈ অহা নাই কোনো চৰকাৰী বিষয়া । এতিয়ালৈ বানাক্ৰান্ত অঞ্চলটোত কোনো লোকে চৰকাৰী সাহাৰ্যও লাভ কৰা নাই বুলি সংবাদমাধ্যমক জানিবলৈ দিয়ে ৷

উপায়ন্তৰ হৈ কৃষকসকলে বালিত কি কি শস্য কৰিব পৰা যায় এইবিষয়ে তদাৰক কৰিবলৈ আহ্বান জনায় কৃষি বিভাগক ৷ নহ'লে অনাগত দিনত অঞ্চলটোৰ লোকসকলে নিগমে মৰিব লাগিব বুলি দুখ প্ৰকাশ কৰে ৷

উল্লেখ্য যে ৰাজ্যত হোৱা দ্বিতীয়টো বানত 20 সহস্ৰাধিক হেক্টৰ কৃষিভূমি বিধ্বস্ত হোৱাৰ লগতে প্ৰায় ২২ হাজাৰ হেক্টৰ ভূমিত হোৱা খাৰিফ শস্য আৰু শাক-পাচলি বানৰ কবলত পৰি নষ্ট হৈছে । ইতিমধ্যে প্ৰাৰম্ভিক পৰ্যায়ত ৰাজ্য চৰকাৰৰ ফালৰ পৰা ৰবি শস্যৰ নামত ২৫ কোটি টকা ধাৰ্য কৰা হৈছে বুলি কৃষিমন্ত্ৰী অতুল বৰাই (Assam agriculture minister Atul Bora) অলপতে উল্লেখ কৰিছে ৷

লগতে পঢ়ক : Assam Flood 2022: দ্বিতীয়টো বানত 20 সহস্ৰাধিক হেক্টৰ কৃষিভূমি বিনষ্ট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.