ETV Bharat / state

নলবাৰীত সুলভ মূল্যৰ দোকানীৰ প্ৰতিবাদ - প্ৰতিবাদ

ৰাজ্যৰ ৩৮,২৩৮ গৰাকী সুলভ মুল্যৰ দোকানীৰ নাজল নাথল অৱস্থা । বছৰ বছৰ ধৰি চৰকাৰী কমিছনৰ ধন আদায় পোৱা নাই এইসকল সুলভ মূল্যৰ দোকানীয়ে ৷ সুলভ মুল্যৰ দোকানীৰ আত্মাৰ বিননি শীৰ্ষক বেনাৰ লিখি প্ৰতিবাদত বহিল দোকানী সকল ৷

fair-price-shopkeeper-protest-in-nalbari
নলবাৰীত সুলভ মূল্যৰ দোকানীৰ প্ৰতিবাদ
author img

By

Published : Jun 14, 2021, 4:53 PM IST

নলবাৰী, 14 জুন : ৰাজ্যৰ সুলভ মুল্যৰ দোকানীৰ নাজল নাথল অৱস্থা । খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অনুমোদিত সুলভ মুল্যৰ দোকানী সমূহে বছৰ বছৰ ধৰি আদায় পোৱা নাই কমিছনৰ ধন । সম্প্ৰতি ৰাজ্যত আছে ৩৮,২৩৮ গৰাকী সুলভ মুল্যৰ দোকানী । চৰকাৰীভাৱে পাব লগা কমিছনৰ ধন আদায় নোপোৱাত এই সমূহ দোকানীৰ পানীত হাঁহ নচৰা অবস্থাৰ সৃষ্টি হৈছে ।

fair-price-shopkeeper-protest-in-nalbari
নলবাৰীত সুলভ মূল্যৰ দোকানীৰ প্ৰতিবাদ

এফালে কৰ’ণাসৃষ্ট পৰিবেশ আৰু আনফালে ব্যৱসায় বানিজ্য বন্ধ । ভূতৰ ওপৰত দানহ পৰাৰ দৰেই এতিয়া এইসকল সুলভ মূল্যৰ দোকানীৰ চৰকাৰীভাৱে পাব লগীয়া কমিছনৰ ধনো বন্ধ হৈ আছে । চৰকাৰৰ এনে বঞ্চনাৰ ক্ষোভত নলবাৰীত প্ৰতিবাদ মুখৰ হ’ল সুলভ মুল্যৰ দোকানী তথা এজেন্ট সকল ৷

নলবাৰীত সুলভ মূল্যৰ দোকানীৰ প্ৰতিবাদ

উল্লেখ্য যে, নিজৰ প্ৰাপ্য চৰকাৰী কমিছনৰ পৰা বঞ্চিত হৈ এইসকল দোকানীয়ে এতিয়া নিজৰ পৰিয়াল পোহপাল দিবলৈ দিন হাজিৰা কৰিব লগীয়া পৰিবেশৰ সৃষ্টি হৈছে ৷ যাৰ ফলস্বৰূপে সোমবাৰে সুলভ মুল্যৰ দোকানীৰ আত্মাৰ বিননি শীৰ্ষক বেনাৰ লিখি প্ৰতিবাদত বহিল দোকানী সকল ৷ কৰ’ণাৰ এনে জটিল সন্ধিক্ষণত বঞ্চনাৰ বলি হোৱা এইসকল সুলভ মুল্যৰ দোকানী সকলক চৰকাৰী কমিছনৰ ধন মোকলাই দিবনে সেয়াহে এতিয়া ডাঙৰ প্ৰশ্ন ৷

লগতে পঢ়ক: যোৰহাট চিকিৎসা মহাবিদ্যালয়ত সংযোজন ১২০ খন বিচনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.