ETV Bharat / state

ফুটবল খেলুৱৈ দ্বিজেন বৰ্মনলৈ চৰকাৰৰ এককালীন সাহায্য

author img

By

Published : May 26, 2021, 10:59 AM IST

নলবাৰীৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ দ্বিজেন বৰ্মনলৈ মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা আগবঢ়োৱা হয় এককালীন সাহায্য ৷ তিনিবাৰকৈ ৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ হিচাপে খ্যাত দ্বিজেন বৰ্মনৰ জীৱন-জীৱিকাৰ দুৰ্দশাৰ বিষয়ে ইটিভি ভাৰতযোগে বাতৰি সম্প্ৰচাৰ হোৱাৰ পাচতে তেওঁৰ কাষলৈ আহিল জনপ্ৰতিনিধি ৷

cm_help_to_national_player
ফুটবল খেলুৱৈ দ্বিজেন বৰ্মনলৈ এককালীন সাহায্য

নলবাৰী,26 মে’ : তিনিবাৰকৈ ৰাষ্ট্ৰীয় ফুটবল খেলুৱৈৰ সুনাম কঢ়িয়াই অনা নলবাৰীৰ দ্বিজেন বৰ্মনলৈ অৱশেষত এককালীন সাহায্য আগবঢ়ালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত শৰ্মাই ৷ ধৰ্মপুৰ সমষ্টিৰ পশ্চিম চামতা গাঁৱৰ শালৈপাৰা চুবুৰী নিবাসী ফুটবল খেলুৱৈ দ্বিজেন বৰ্মনে তিনিবাৰকৈ ৰাষ্ট্ৰীয় পৰ্যায়ত বঁটা লাভ কৰি অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয় ৷

কিন্তু ধনৰ অভাৱত মাংসৰ দোকানত দিন-হাজিৰা কৰি চাৰিজনীয়া পৰিয়ালটো পোহপাল দিবলগীয়া হৈছে এইগৰাকী খেলুৱৈয়ে । দ্বিজেন বৰ্মনৰ নিচিনা এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল খেলুৱৈৰ জীৱন-জীৱিকাৰ দুৰ্দশাৰ বিষয়ে ইটিভি ভাৰতযোগে বাতৰি সম্প্ৰচাৰ হোৱাৰ পাচতহে স্থানীয় বিধায়ক আৰু চৰকাৰৰ দৃষ্টিগোচৰ হয় ৷

ইয়াৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক পবিত্ৰ ৰাম খাউণ্ডে দ্বিজেন বৰ্মনৰ বাসগৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা 25,000 টকাৰ এককালীন সাহায্য আগবঢ়ায় ৷ সঞ্চালক পবিত্ৰ ৰাম খাউণ্ডৰ সৈতে উপস্থিত থাকে নলবাৰী জিলা ক্ৰীড়া বিষয়া বিষ্ণুজ্যোতি কলিতা, পশ্চিম নলবাৰী ৰাজহ চক্ৰ বিষয়া চিন্ময় পাঠক, নলবাৰী জিলা বিজেপিৰ সম্পাদক পুলক কুমাৰ শৰ্মা, চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ যুটীয়া সম্পাদক বিকাশ ভট্ট, স্থানীয় গাঁও পঞ্চায়তৰ সভাপতি দীনেশ ঠাকুৰীয়া আৰু কেইবাগৰাকীও শাৰীৰিক প্ৰশিক্ষক ।

লগতে পঢ়ক : নামৰূপত আৰ্তজনৰ ওচৰত লুৰিণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.