নলবাৰী,27 মাৰ্চ: তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব নলবাৰী জিলাৰ বৰক্ষেত্ৰী আৰু ধৰ্মপুৰ বিধানসভা সমষ্টিৰ নিৰ্বাচন। তাৰ আগে আগে আইন-শৃংখলাৰ প্ৰতি লক্ষ্য ৰাখি নলবাৰী জিলাত 144 ধাৰা জাৰি কৰাৰ পাচতে শনিবাৰে নলবাৰী আৰু ধৰ্মপুৰ সমষ্টিৰ নিৰ্বাচনী প্ৰস্তুতিৰ বুজ ল'লে জিলা নিৰ্বাচনী বিষয়া পুৰৱী কোঁৱৰৰ লগতে দুয়োটা সমষ্টিৰে সাধাৰণ পৰ্যবেক্ষক হুকুম সিং মীনা আৰু ৰাজেশ শৰ্মাই ৷
দুয়ো গৰাকী বিষয়াই সংশ্লিষ্ট সমষ্টিৰ বিভিন্ন এলেকা ভ্ৰমণ কৰাৰ পিছত শনিবাৰে সমষ্টি দুটাৰ ব্যয় পৰ্যবেক্ষক শ্যাম কুমাৰ সমন্বিতে জিলা নিৰ্বাচনী বিষয়া পূৰৱী কোৱঁৰৰ লগতে নিৰ্বাচনী কোষসমূহৰ নোডেল বিষয়াৰ উপস্থিতিত উপায়ুক্তৰ সভাকক্ষত এখন সভা অনুষ্ঠিত কৰা হয়। সভাত নিৰ্বাচনী আচৰণ বিধি আৰু আইন-শৃংখলা কোষ, মিডিয়া কোষ, পোষ্টেল বেলট পেপাৰ কোষ আদিৰ সন্দৰ্ভত পৰ্যবেক্ষক কেইগৰাকীয়ে বুজ লয়।
আনহাতে, চেক্টৰ বিষয়াসকলৰ কাম-কাজ তথা প্ৰশিক্ষণ, মাইক্ৰ' পৰ্যবেক্ষকৰ কাম-কাজ, ভোটগ্ৰহণ কেন্দ্ৰৰ সা-সুবিধা, ভোটগ্ৰহণ কেন্দ্ৰলৈ নিৰ্বাচনী বিষয়াসকলৰ যাতায়তৰ ক্ষেত্ৰত কি কি বাহন ব্যৱহাৰ কৰা হ'ব, জব্দ কৰা টকা আৰু সুৰা, নাকা-চেকিং আদি বিভিন্ন কাম-কাজৰ বুজ লয়।
লগতে পঢ়ক: ডিগবৈত ভোটাধিকাৰ সাব্যস্ত কৰিলে সুৰেণ ফুকনে