ETV Bharat / state

বিজেপিৰ প্ৰচাৰ সভাত উপস্থিত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য

author img

By

Published : Dec 29, 2020, 9:14 PM IST

ধাৰাবাহিকভাৱে বিজেপিয়ে নলবাৰীত অনুষ্ঠিত কৰিছে ইখনৰ পিছত সিখনকৈ সভা ৷ বৰক্ষেত্ৰীত সোমবাৰে বিজেপিয়ে যোগদান সভা অনুষ্ঠিত কৰাৰ পিছত মঙলবাৰে বালিলেচাত অনুষ্ঠিত কৰে অন্য এক দলীয় সভা ৷ উক্ত সভাত উপস্থিত থাকে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য ৷

Election campaining of BJP at nalbari assam etv bharat news
নলবাৰীত বিজেপিৰ প্ৰচাৰ সভা

নলবাৰী,29 ডিচেম্বৰ: সমাগত নিৰ্বাচনক লক্ষ্য হিচাপে লৈ বিজেপিয়ে ইতিমধ্যে আৰম্ভ কৰিছে প্ৰচাৰ অভিযান ৷ তাৰেই অংশৰূপে মঙলবাৰে নলবাৰীৰ বালিলেচাত ভাৰতীয় জনতা দলৰ মৎস্যজীৱি কোষৰ উদ্যোগত অনুষ্ঠিত হয় এক সজাগতা সভা ৷ গেৰুৱা দলটোৱে ইখনৰ পিছত সিখনকৈ অনুষ্ঠিত কৰি গৈছে নিৰ্বাচনী কৌশল প্ৰয়োগৰ সভা ৷ দলটোৰ কেইবাজনো নেতাৰ উপস্থিতিত মৎস্যজীৱি কোষে অনুষ্ঠিত কৰা সভাখনত উপস্থিত থাকে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ লগতে অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, জিলা পৰিষদৰ নিতুল ডেকা, বিজেপিৰ ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক ফণী শৰ্মা, বিধায়ক অশোক শৰ্মা, মুখপাত্ৰ মনোজ বৰুৱাকে ধৰি বহুকেইগৰাকী জ্যেষ্ঠ নেতা-কৰ্মী ৷

নলবাৰীত বিজেপিৰ প্ৰচাৰ সভা

এই সভাত অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই প্ৰকৃত জাতীয়তাবাদ ৰক্ষাৰ বাবে ৰাজপথত আন্দোলন কৰাৰ সলনি কৰ্ম-সংস্কৃতি গঢ়ি তুলিব লাগিব বুলি ভাষণ প্ৰদান কৰে ৷ নিজৰ প্ৰয়োজনীয় শাক-পাচলি নিজে উৎপাদন কৰি লব লাগিব বুলিও বৰুৱাই কয় ৷ লগতে এচাম লোকে পৰিকল্পিতভাৱে আমাৰ জাতিৰ মেৰুদণ্ড ভাঙি দিছে, সেয়ে স্বাৱলম্বী নহ’লে সন্দেহজনক নাগৰিকে আমাৰ অৰ্থনীতি কাঢ়ি নিব বুলি একপ্ৰকাৰ অভিযোগ উত্থাপন কৰে ৷ তদুপৰি নিয়োগ বিনিময় কেন্দ্ৰৰ তথ্য মতে নিবনুৱাৰ তথ্য শুদ্ধ নহয় বুলিও প্ৰকাশ কৰে জয়ন্ত মল্ল বৰুৱাই ৷

মীন পালকৰ ক্ষোভ প্ৰকাশ

মন্ত্ৰী পৰিমল শুক্লবৈদ্যই মাছ উৎপাদনৰ জৰিয়তে অসমীয়া লোকে কোটি কোটি টকা উপাৰ্জন কৰিব পাৰে বুলি মন্তব্য কৰে ৷ চৰকাৰে মাছ উৎপাদনৰ বাবে ৰাজ সাহায্যৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ কিন্তু এই সভাতে বিশ্বনাথ চাৰিআলিৰ পৰা অহা এগৰাকী মীন পালকে ৰাজহুৱাভাৱে মৎস পালনৰ ক্ষেত্ৰত পোৱা সমস্যা সম্পৰ্কে অৱগত কৰাত অস্বস্তিত পৰে বন মন্ত্ৰীগৰাকীৰ লগতে উপস্থিত দলটোৰ নেতা-কৰ্মীসকল ৷

লগতে চাওকঃ গেৰুৱা হ'ল অজন্তা নেওগ, ৰাজদ্বীপ গােৱালা আৰু বনেন্দ্ৰ কুমাৰ মুছাহাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.