ETV Bharat / state

মুকালমুৱা আৰক্ষীৰ জালত নিচাযুক্ত দ্ৰব্যসহ 6 সৰবৰাহকাৰী - ড্ৰাগছ

বৃহস্পতিবাৰে নিশা মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত বাকৰিকুছিত বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্যসহ 6 সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে ৷ মহাৰাষ্ট্ৰৰ পঞ্জীয়নভুক্ত এখন মাৰুতি বাহনত তালাচী চলাই ড্ৰাগছৰ লগতে সৰবৰাহকাৰী কেইজনক আটক কৰে মুকালমুৱা আৰক্ষীয়ে ৷

drugs-seized-with-six-peddlers-arrest
মুকালমুৱাত ড্ৰাগছ সৰবৰাহকাৰী আটক
author img

By

Published : Jun 4, 2021, 9:04 PM IST

নলবাৰী,4 জুন : নলবাৰী জিলাৰ মুকালমুৱাত বৃহস্পতিবাৰে নিশা নিচাযুক্ত দ্ৰব্যসহ আটক হয় 6 জনকৈ সৰবৰাহকাৰী ৷ মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যুগল কিশোৰ কলিতাৰ নেতৃত্বত মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত বাকৰিকুছিৰ পৰা আটক কৰা হয় ড্ৰাগছ আসক্ত তথা সৰবৰাহকাৰী কেইজনক ৷

মুকালমুৱাত ড্ৰাগছ সৰবৰাহকাৰী আটক

MH-04-Y-3169 নম্বৰৰ মহাৰাষ্ট্ৰৰ পঞ্জীয়ন থকা এখন মাৰুতি বাহনত তালাচী চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় ঔষধ, চিৰিঞ্জ আদি জব্দ কৰাৰ লগতে ড্ৰাগছ সৰবৰাহকাৰী কেইজনক আটক কৰে আৰক্ষীয়ে ৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইজন ক্ৰমে- আক্ৰাম আলী, জাহাংগীৰ আলম, চাদ্দাম আলী, খাইৰুল ইছলাম, জেহেৰুল পাছা আৰু লাকি আলী ।

উল্লেখ্য যে, বিগত দহ দিনত মুকালমুৱা আৰক্ষীয়ে বৰক্ষেত্ৰীৰ বিভিন্ন অঞ্চলত ধাৰাবাহিকভাৱে অভিযান চলাই মুঠ 18 জন ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ব কৰিছে ৷ ড্ৰাগছ বিৰোধী এই অভিযানৰ দ্বাৰা অঞ্চলটো ড্ৰাগছমুক্ত কৰিবলৈ মুকালমুৱা আৰক্ষী কঠোৰ হোৱা বুলি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যুগল কিশোৰ কলিতাই সদৰি কৰে ।

লগতে পঢ়ক : আৰম্ভ হ'ল কাগজ কলৰ নিলাম প্ৰক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.