ETV Bharat / state

Govt Schools Shut Down: নলবাৰীত পুনৰ চৈধ্যখনকৈ চৰকাৰী বিদ্যালয় বন্ধ কৰিলে শিক্ষা সঞ্চালকালয়ে - চৰকাৰী বিদ্যালয়

নলবাৰীত পুনৰ বন্ধ হ’ল ১৪ খনকৈ চৰকাৰী বিদ্যালয় । ছাত্র-ছাত্ৰীৰ সংখ্যা তেনেই নগণ্য হোৱাৰ অজুহাত লৈ বন্ধ চৈধ্যখনকৈ চৰকাৰী বিদ্যালয় ।

Directorate of Education closes fourteen government schools
চৰকাৰী বিদ্যালয় বন্ধ কৰিলে শিক্ষা সঞ্চালকালয়ে
author img

By

Published : Jul 13, 2023, 5:22 PM IST

নলবাৰী, ১৩ জুলাই : হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাজ্যত শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন হৈছে বুলি ঢাক ঢোল বজাই আছে যদিও ইয়াৰ প্ৰকৃত স্বৰূপ কিন্ত ওলোটা ৷ ইতিমধ্যে ৰাজ্যৰ বিভিন্ন ঠাইত বহু চৰকাৰী বিদ্যালয়ৰ পয়ালগা দৃশ্য বহু বাৰ বাতৰিৰ জৰিয়তে উন্মোচিত হৈছে ৷ শেহতীয়াকৈ তেনে খবৰ আহিছে যে নলবাৰীৰ চৈধ্যখনকৈ চৰকাৰী বিদ্যালয় মৃতপ্ৰায় হোৱাৰ দিশে যি নিশ্চয়কৈ জিলাখনৰ শিক্ষা ব্যৱস্থাৰ জৰাজীৰ্ণ অৱস্থাটোৰ কথা উন্মোচিত কৰিছে ৷

অস্তিত্বহীন হৈ পৰিল নলবাৰীৰ চৰকাৰী চৈধ্যখনকৈ বিদ্যালয় ৷ অসম চৰকাৰৰ কঠোৰ সিদ্ধান্ত ৷ শিক্ষা সঞ্চালকালয়ে নলবাৰী জিলাত পুনৰ বন্ধ কৰিলে চৈধ্যখনকৈ চৰকাৰী খণ্ডৰ বিদ্যালয় । বিদ্যালয় কেইখনত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কম হোৱাৰ অজুহাতত বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷

প্ৰাপ্ত বাতৰি অনুসৰি আন বিদ্যালয়ৰ লগত একত্ৰীকৰণ কৰা হ’ল এই চৈধ্যখন বিদ্যালয় । ৭ জুলাইত অসম চৰকাৰৰ শিক্ষা সঞ্চালকে এক নিৰ্দেশ যোগে জাৰি কৰিছিল এই তথ্য । ৰাজ্য চৰকাৰৰ শিক্ষা সঞ্চালকালয়ৰ এই তথ্য ইতিমধ্যে নলবাৰী জিলাৰ শিক্ষা বিভাগে বিদ্যালয়সমূহলৈ নিৰ্দেশ ৰূপে প্ৰেৰণ কৰিছে ৷

শিক্ষা সঞ্চালকালয়ে বন্ধ কৰি আন বিদ্যালয়ৰ লগত একত্ৰীকৰণ কৰা বিদ্যালয় কেইখন হ’ল-

fourteen government schools in Nalbari
চৰকাৰী বিদ্যালয় বন্ধ কৰিলে শিক্ষা সঞ্চালকালয়ে
  • পূব বৰনৰ্দ্দী আদৰ্শ প্ৰাথমিক বিদ্যালয়
  • বিহামপুৰ বালিকা প্ৰাথমিক বিদ্যালয়
  • চকীৰহাট হামলাকুৰ প্ৰাথমিক বিদ্যালয়
  • অকনা প্ৰাথমিক বিদ্যালয়
  • নলবাৰী বৰভাগ প্ৰাথমিক বিদ্যালয়
  • যুগেৰকুছি শ্ৰীপুৰ প্ৰাথমিক বিদ্যালয়
  • ভিঠা প্ৰাথমিক বিদ্যালয়
  • উলাবৰী বালিকা প্ৰাথমিক বিদ্যালয়
  • কমাৰকুছি প্ৰাথমিক বিদ্যালয়
  • হাৰিভাঙা গোপালথান প্ৰাথমিক বিদ্যালয়
  • চাননৈপাৰা প্ৰাথমিক বিদ্যালয়
  • মধ্য হাৰিভাঙা প্ৰাথমিক বিদ্যালয়
  • কৃষ্ণগুৰু বিদ্যাজ্যোতি প্ৰাথমিক বিদ্যালয়
  • নমাটি প্ৰাথমিক বিদ্যালয়

উল্লেখ্য যে, গৰম বন্ধ খোলাৰ লগে লগে ছাত্ৰ-ছাত্ৰীসকলে আৰু বিচাৰি নাপাব নিজৰ শিক্ষাগ্ৰহণ কৰি থকা বিদ্যালয়খন ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.