ETV Bharat / state

নলবাৰী আৰক্ষীক পুৰস্কাৰ প্ৰদান আৰক্ষী বিষয়া জি পি সিঙৰ - আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং

শুকুৰবাৰে ডকাইত গুলিবিদ্ধ হোৱা ঘটনাৰ বুজ ল’বলৈ নলবাৰী সদৰ থানাত উপস্থিত অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং ৷ নলবাৰী আৰক্ষীৰ দুঃসাহসিক কাৰ্যৰ বাবে পুৰস্কৃত কৰে আৰক্ষীক ৷ অপৰাধীক সাৰি যাবলৈ দিয়া নহব বুলি হুংকাৰ জি পি সিঙৰ ৷ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ কঠোৰ অভিযান চলি থাকিব বুলি জনালে আৰক্ষী বিষয়া গৰাকীয়ে ৷

adgp-jp-sing-visit-nalbari-and-rewarded-police
নলবাৰীত আৰক্ষী বিষয়া জি পি সিং: আৰক্ষীক পুৰস্কাৰ
author img

By

Published : Jun 5, 2021, 8:34 PM IST

নলবাৰী, 5 জুন : শনিবাৰে নলবাৰীত উপস্থিত হল অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং । শুকুৰবাৰে ডকাইত গুলিবিদ্ধ হোৱা ঘটনাৰ বুজ ল’বলৈ উপস্থিত হ’ল অসম আৰক্ষীৰ উচ্চ পৰ্যায়ৰ বিষয়া জন । নলবাৰী সদৰ থানাত উপস্থিত হৈ নলবাৰী আৰক্ষীৰ দুঃসাহসিক কাৰ্যৰ উচ্চ প্ৰশংসা কৰে সঞ্চালক প্ৰধানগৰাকীয়ে ।

নলবাৰীত আৰক্ষী বিষয়া জি পি সিং: আৰক্ষীক পুৰস্কাৰ

নলবাৰীত উপস্থিত হৈ ডকাইতৰ লগত দুঃসাহসিক অভিযান চলোৱা আৰক্ষীক পুৰস্কৃতও কৰে জি পি সিঙে । নগদ ধনৰে পুৰস্কৃত কৰে অভিযানত থকা আটাইকেইজন কনিষ্টবলক । অভিযানত নেতৃত্ব দিয়া আটাইকেইজন বিষয়াক সাহসিকতাৰ পুৰস্কাৰ দিয়া হ’ব বুলিও মন্তব্য কৰে জি পি সিঙে । এইদৰে আৰক্ষীক পুৰস্কৃত কৰাৰ পিছতে -কোনো অপৰাধীক সাৰি যাবলৈ দিয়া নহ’ব বুলি হুংকাৰ দিয়ে জি পি সিঙে ।

অপৰাধীক কঠোৰ সকীয়নি প্ৰদান কৰি জি পি সিঙে কয় -অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ ধাৰাবাহিক অভিযান চলি থাকিব । অতিশীঘ্ৰেই আবু বক্কৰ ছিদ্দিকৰ গেঙৰ পলাতক সদস্য কেইজনকো কৰায়ত্ত কৰা হ’ব বুলিও মন্তব্য কৰে জি পি সিঙে । ইফালে ড্ৰাগছৰ সম্পৰ্কত মন্তব্য কৰি জি পি সিঙে কয় যে ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান কঠোৰভাবে চলি থাকিব ।

লগতে পঢ়ক:বৰপেটাৰোডত তেল চোৰ গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.