নলবাৰী,1 মে’: কাইলৈ অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচনৰ ভোট গণনা ৷ এইক্ষেত্ৰত নলবাৰী জিলা উপায়ুক্ত পূৰৱী কোঁৱৰে সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে ৷ যাতে ভোট গ্ৰহণক কেন্দ্ৰ কৰি কোনো বেমেজালিৰ সৃষ্টি নহয় ৷ সেয়েহে ভোট গণনাৰ দিনা বিজয় উল্লাসত ফটকা ফুটাই কোনো লোকে বিশৃংখল পৰিৱেশ সৃষ্টি অথবা আইন-শৃংখলাজনিত পৰিস্থিতি বিঘ্নিত কৰাৰ সম্ভাৱনা প্ৰকাশ কৰি জিলা উপায়ুক্ত গৰাকীয়ে জাৰি কৰিছে সুকীয়া নিৰ্দেশনা ৷
ইয়াৰ বাবে জিলা উপায়ুক্ত তথা জিলা দণ্ডাধীশ পূৰৱী কোঁৱৰে ভাৰতীয় ফৌজদাৰী আইনৰ 144 ধাৰাৰ অধীনত জিলাখনত ফটকাৰ ক্ৰয়-বিক্ৰয় আৰু ফুটোৱাত নিষেধাজ্ঞা জাৰি কৰিছে ৷ এই নিষেধাজ্ঞা উলংঘা কৰিলে ভাৰতীয় দণ্ডবিধিৰ 144 ধাৰাৰ অধীনত নিৰ্দেশনা ভংগকাৰীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷
লগতে চাওকঃ ইভিএমত বন্দী ভাগ্য...কি প্ৰতিক্ৰিয়া মন্ত্ৰী সঞ্জয় কিষাণৰ ?