ETV Bharat / state

ভাৰাতীয়া বাহনেৰে প্ৰশাসনে ঘৰত থৈ গ'ল কৰ'ণা ৰোগীক - Covid 19

বিগত ১৭ জুনত কোভিডত আক্ৰান্ত বুলি নলবাৰীৰ স্বাস্থ্য বিভাগ,আৰক্ষী,চক্ৰ বিষয়াকে ধৰি বহুকেইগৰাকী উচ্চ পদস্থ বিষয়াই বালিজাৰৰ ৰাহেমা বেগম নামৰ মহিলাগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ চিকিৎসাজনিত কাৰণত লৈ যায় ৷ কিন্তু এসপ্তাহৰ ভিতৰতে মাত্ৰ দুটা পৰীক্ষা কৰাৰ অন্তত ভাড়াতীয়া বাহনেৰে দেওবাৰে ঘৰত থৈ যায় ৰোগী গৰাকীক ৷ উক্ত ঘটনাৰ পিছতে অঞ্চলব্যাপী সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

Covid 19 patients who have been evacuated in a rented vehicle at balijar nalbari assam etv bharat news
স্বাস্থ্য বিভাগৰ কাণ্ডজ্ঞানহীনতা
author img

By

Published : Jun 28, 2020, 3:00 PM IST

নলবাৰী,28 জুন: কৰ’ণা মহামাৰীৰ সংক্ৰমণৰ বাবে বিবুধিত পৰিছে নলবাৰীৰ এটা দুখীয়া পৰিয়াল । বিগত ১৭ জুনত কোভিডত আক্ৰান্ত বুলি জিলাখনৰ স্বাস্থ্য বিভাগ,আৰক্ষী,চক্ৰ বিষয়া আদিকে ধৰি বহুকেইগৰাকী উচ্চ পদস্থ বিষয়াই বালিজাৰৰ ৰাহেমা বেগম নামৰ মহিলাগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ চিকিৎসাজনিত কাৰণত লৈ যায় ৷ কিন্তু এসপ্তাহৰ ভিতৰতে মাত্ৰ দুটা পৰীক্ষা কৰাৰ অন্তত ভাড়াতীয়া বাহনেৰে দেওবাৰে ঘৰত থৈ যায় ৰোগী গৰাকীক ৷ উক্ত ঘটনাৰ পিছতে অঞ্চলব্যাপী সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ ইয়াৰ লগতে একেদিনাই মহিলাগৰাকীৰ স্বামী আলিমুদ্দিন আলীকো কোভিড পৰীক্ষাৰ বাবে স্বাস্থ্য বিভাগে লৈ গৈছিল যদিও এইপৰ্যন্ত ব্যক্তিগৰাকীৰ কোনো শুংসূত্ৰ নাই বুলি অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীয়ে ৷

আনহাতে, দম্পতীটোৰ পুত্ৰ জমচেৰ আলীয়ে দিয়া স্বীকাৰোক্তি অনুসৰি 2015 বৰ্ষৰ পৰা মাতৃ বিষৰোগত আক্ৰান্ত হৈ চিকিৎসা গ্ৰহণ কৰি আছিল । শেহতীয়াকৈ মহিলাগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত ভৰ্তি কৰোৱা হয় জিএনআৰচি চিকিৎসালয়ত ৷ চিকিৎসালয়ত মহিলাগৰাকীৰ বুকু আৰু তেজৰ পৰীক্ষা কৰাৰ লগতে বায়’প্সী কৰিবলৈ চিকিৎসকে পৰামৰ্শ আগবঢ়ায় ৷ বায়’প্সীত মহিলাগৰাকীৰ শৰীৰত কৰ্কট ৰোগৰ অৱস্থিতি ধৰা পৰাত বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানলৈ স্থানাস্তৰিত কৰাৰ পৰামৰ্শ আগবঢ়াই জিএনআৰচি কৰ্তৃপক্ষই । সেইমৰ্মে মহিলাগৰাকীক বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানলৈ নিয়া হয় যদিও চিকিৎসালয় কৰ্তৃপক্ষই Covid 19 ৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে মহিলাগৰাকীৰ পৰিয়ালক ৷ চিকিৎসালয় কৰ্তৃপক্ষৰ নিৰ্দেশ অনুসৰি পৰিয়ালটোৱে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মহিলাগৰাকীৰ নমুনা পৰীক্ষাৰ বাবে গৈছিল ৷ চিকিৎসালয় কৰ্তৃপক্ষই মহিলাগৰাকীৰ নমুনা সংগ্ৰহৰ পিছতে ঘৰলৈ অহাৰ অনুমতি প্ৰদান কৰে ৷ 17 জুনত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল কৰ্তৃপক্ষই ৰাহেমাৰ দেহত Covid 19 ৰ উপস্থিতি ধৰা পৰাৰ কথা পৰিয়ালক ব্যক্ত কৰে ৷ ফলত আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ এটা দলে মহিলাগৰাকীক চিকিৎসাজনিত কাৰণত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণৰ বাবে বালিজাৰস্থিত মহিলাগৰাকীৰ বাসগৃহত উপস্থিত হয় ৷ কিন্তু উক্ত ঘটনাৰ চৈধ্য দিন সম্পূৰ্ণ হোৱাৰ সলনি এসপ্তাহ পূৰ্ণ হোৱাৰ পিছতে এখন ভাড়াতীয়া বাহনেৰে মহিলাগৰাকীক অকলে ঘৰলৈ পঠিয়াই দিয়ে জিএমচিএইচ কৰ্তৃপক্ষই ৷ স্বাস্থ্য বিভাগৰ উক্ত কাণ্ডজ্ঞানহীনতাত চাঞ্চল্য সৃষ্টি হৈছে অঞ্চলটোৰ ৰাইজৰ মাজত ৷

স্বাস্থ্য বিভাগৰ কাণ্ডজ্ঞানহীনতা

অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কৰ’ণা মহামাৰীৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰাৰ পিছত স্বাস্থ্য বিভাগৰ এই দায়িত্বজ্ঞানহীন কাণ্ডই চৰম ব্যৰ্থতাক প্ৰতিফলিত কৰিছে ৷ জমছেৰ আলীয়ে পিতৃৰ নিৰুদ্দেশৰ সম্পৰ্কত স্থানীয় চক্ৰ বিষয়া,যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক,আৰক্ষীৰ তথা গাঁওবুঢ়াৰ লগত যোগাযোগ কৰিও কোনো সদুত্তৰ লাভ নকৰা বুলি অভিযোগ উত্থাপন কৰিছে ৷ উল্লেখ্য যে জমছেৰৰ মাতৃক কোভিড 19 ত আক্ৰান্ত হোৱাৰ বাবে সমগ্ৰ পৰিয়ালটোক হোম কোৱাৰেণ্টাইনৰ নিৰ্দেশ দিছিল যদিও বিভাগীয় কৰ্তৃপক্ষই পৰিয়ালটোৰ কোনোধৰণৰ খা-খবৰ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷ তদুপৰি যদিহে মহিলাগৰাকী কৰ’ণাত আক্ৰান্ত হৈছিল তেন্তে এসপ্তাহ পিছতে সুস্থ হৈ উঠাৰ কথা কিমানদুৰ গ্ৰহণযোগ্য সেয়া বৰ্তমান সন্দেহৰ আৱৰ্তত ৷ সম্প্ৰতি মহিলাগৰাকীৰ কোভিড পৰীক্ষাৰ ফলাফল সম্পৰ্কতো এয়া সঁচা নে ভুৱা আছিল তেনে বিষয়ক বহু প্ৰশ্ন উত্থাপিত হৈছে ৷

লগতে চাওকঃ জলমগ্ন কাজিৰঙা : বাগৰি বনাঞ্চলত উদ্ধাৰ গঁড়ৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.