ETV Bharat / state

ধৰ্মপুৰ সমষ্টিত কংগ্ৰেছৰ বুথ পৰ্যায়ৰ সভা

ধৰ্মপুৰ সমষ্টিত এক বুথ পৰ্যায়ৰ সভা অনুষ্ঠিত কৰে কংগ্ৰেছ দলে । সভাত সাংসদ গৌৰৱ গগৈৰ লগতে ৰকিবুল হুছেইন সহ কেইবাগৰাকীও কংগ্ৰেছৰ নেতা উপস্থিত থাকে ।

ধৰ্মপুৰ সমষ্টিত কংগ্ৰেছৰ বুথ পৰ্যায়ৰ সভা
ধৰ্মপুৰ সমষ্টিত কংগ্ৰেছৰ বুথ পৰ্যায়ৰ সভা
author img

By

Published : Feb 16, 2021, 8:46 PM IST

নলবাৰী,১৬ ফেব্ৰুৱাৰী: আহি নিৰ্বাচনৰ লগত সংগতি ৰাখি নিজৰ দলৰ ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যে কংগ্ৰেছ দলে আৰম্ভ কৰিছে অসম বাচাও অভিযান । প্ৰদেশ কংগ্ৰেছৰ অসম বাচাও অভিযানৰ দল মঙলবাৰে উপস্থিত হয় নলবাৰীৰ ধৰ্মপুৰ সমষ্টিত । ধৰ্মপুৰ সমষ্টিত কেইবাটাও কাৰ্যসূচীত অংশ লয় দলটোৱে । সমান্তৰালকৈ ধৰ্মপুৰ সমষ্টিত এক বুথ পৰ্যায়ৰ সভা অনুষ্ঠিত কৰা হয় । এই অভিযানত সাংসদ গৌৰৱ গগৈৰ লগতে ৰকিবুল হুছেইন সহ কেইবাগৰাকীও কংগ্ৰেছৰ নেতা উপস্থিত থাকে । ধৰ্মপুৰ সমষ্টিৰ প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাও উপস্থিত থাকে এই অভিযানত ।

ধৰ্মপুৰ সমষ্টিত আযোজন কৰা এখন সভাত একালৰ সতীৰ্থ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটু সমালোচনা কৰে ৰকিবুল হুছেইনে । ৰকিবুল হুছেইনে কয় যে বন্ধু জনে চাইকেল চলাই ঘূৰি ফুৰে কিন্তু আহে হেলিকপ্টাৰত । সমালোচনা কৰি প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে কয় যে এখন হেলিকপ্টাৰ ভাড়া কৰি বাহিৰৰ পৰা আনিব লাগে তাৰ বাবদ ৩০ লাখ খৰছ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । আনহাতে নিৰ্বাচন আমাৰ ভৱিষ্যত এটা ভোট ইফাল সিফাল হ'লে ইয়াৰ পৰিনাম ল'ৰা-ছোৱালীয়ে ভুগিৱ লাগিব বুলি মন্তব্য কৰাৰ লগতে ধৰ্মপুৰ সমষ্টিত কংগ্ৰেছৰ জয় নিশ্চিত বুলি মন্তব্য কৰে ৰকিবুল হুছেইনে । ইয়াৰ পিছত অভিযানৰ দলটো বৰক্ষেত্ৰী সমষ্টিলৈ ৰাওনা হয় ।

লগতে পঢ়ক:জলেশ্বৰত কংগ্ৰেছৰ 'বুথ সংকল্প শিবিৰ'

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.