গুৱাহাটী : বিতৰ্ক মানেই যেন অসম সাহিত্য সভা ! এটাৰ পিছত আন এটা বিতৰ্কই লগ নেৰা হৈছে অসম সাহিত্য সভাক । এইবাৰ কুৰুক্ষেত্ৰ পৰিণত হ'ল অসম সাহিত্য সভা ! অসম সাহিত্য সভাৰ দদৰাৰ কাৰ্যনিৰ্বাহকত প্ৰচণ্ড মাৰপিটৰ ঘটনা । ঘটনাটোৱে লজ্জিত কৰিছে সাহিত্য সভাক ।
দদৰাৰ কাৰ্যনিৰ্বাহকত মাৰপিট
প্ৰধান সম্পাদকৰ প্ৰাৰ্থী অজিত প্ৰসাদ শৰ্মাৰ বিৰুদ্ধে মাৰপিটৰ অভিযোগ । অসম সাহিত্য সভাৰ কামৰূপ জিলাৰ সাংগঠনিক সম্পাদক সুশীল ডেকাই কাৰ্যনিৰ্বাহকত অংশ ল'বলৈ অহাৰ সময়তে কিবা কথাক লৈ দুয়োৰে মাজত বাক বিতণ্ডাৰ সৃষ্টি হয় । তাৰ পিছতেই সুশীল ডেকাক প্ৰহাৰ কৰিবলৈ অগ্ৰসৰ হয় অজিত প্ৰসাদ শৰ্মা ।
ভোটগণনা আৰম্ভ
অসম সাহিত্য সভাৰ ২০২৩-২৫ বৰ্ষৰ সপ্তম পূৰ্ণাংগ কার্যনির্বাহক সভা শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে কামৰূপ জিলা সাহিত্য সভাৰ উদ্যোগত আৰু দদৰা আঞ্চলিক শাখা সাহিত্য সভাৰ আতিথ্যত দদৰাৰ ভৃগু কুমাৰ ফুকন প্রেক্ষাগৃহত অনুষ্ঠিত হৈছে । ৪ ডিচেম্বৰৰ পৰা আৰম্ভ হৈছিল সাহিত্য সভাৰ সভাপতি, উপ-সভাপতি আৰু প্রধান সম্পাদকৰ পদৰ ভোটদান প্রক্রিয়া । ইতিমধ্যে পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভাৰ পাছতে আৰম্ভ হৈছে ভোটগণনা প্ৰক্ৰিয়া । সভাপতি পদৰ বাবে ড৹ গোবিন্দ প্রসাদ শর্মা, ড৹ ভীমকান্ত বৰুৱা, ড৹ উপেন ৰাভা হাকাচাম, ড৹ বসন্ত কুমাৰ গোস্বামী আৰু অনুৰাধা শৰ্মা পূজাৰীৰ নাম সন্নিৱিষ্ট কৰি পেনেল প্রকাশ কৰিছিল নির্বাচনী সমিতিয়ে । পৰৱৰ্তী সময়ত ড৹ ভীমকান্ত বৰুৱা, ড৹ গোবিন্দ প্রসাদ শৰ্মা আৰু অনুৰাধা শৰ্মা পূজাৰীয়ে তেওঁলোকৰ নাম প্ৰত্যাহাৰ কৰে । ফলত ড৹ উপেন ৰাভা হাকাচাম আৰু ড৹ বসন্ত কুমাৰ গোস্বামীৰ মাজতে সভাপতি পদক লৈ প্রতিদ্বন্দ্বিতা হোৱাটো নিশ্চিত হৈ পৰে ।
আনহাতে অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ কাৰ্যকালৰ বাবে ৫ জনে উপ-সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰিছে । তেওঁলোকৰ ভিতৰত অজয় সিংহ আৰু নৰহৰি চুতীয়াৰ মনোনয়ন বাতিল কৰা হৈছে । ডাঃ বিপিন চন্দ্ৰ কলিতা, চহিৰ ভূঞা আৰু পদুম ৰাজখোৱাৰ মনোনয়ন পত্র বৈধ বিবেচিত হৈছে । প্রধান সম্পাদক পদৰ বাবে তিনিজনে মনোনয়ন দাখিল কৰিছিল । প্রধান সম্পাদক পদত সঞ্জীৱ কুমাৰ শৰ্মা, অজিত প্রসাদ শৰ্মা আৰু দেৱজিৎ বৰাৰ মাজত হ'ব প্রতিদ্বন্দ্বিতা । এইবাৰ মুঠ ৮৪৯ খন জিলা আৰু শাখাই ভোটদানৰ অধিকাৰ লাভ কৰিছে । ৰাজ্যৰ বিভিন্ন স্থানৰ শাখাসমূহৰ লগতে দিল্লী, মুম্বাই, কলকাতা, আহমেদাবাদ আদিত থকা অসম সাহিত্য সভাৰ শাখাসমূহেও ইতিমধ্যে ভোটদান কৰিছে ।
লগতে পঢ়ক :এইবাৰৰ গ্ৰন্থমেলাত নাই বাংলাদেশৰ আকৰ্ষণ: অস্থিৰতাত চুবুৰীয়া ৰাষ্ট্ৰখন - ASSAM BOOK FAIR 2024