নলবাৰী, ২১ ফেব্ৰুৱাৰী: সন্মুখত বিধানসভা নিৰ্বাচন । নিৰ্বাচনী প্ৰচাৰক লৈ সকলো ৰাজনৈতিক দলৰ তৎপৰতা বৃদ্ধি পাইছে । ২১ ৰ নিৰ্বাচনত শাসকীয় দল বিজেপিক প্ৰতিহত কৰিবলৈ নামি পৰিছে সকলো । বিৰোধী দল কংগ্ৰেছো নামি পৰিছে বিজেপিক প্ৰতিহত কৰিবলৈ ।
সংশোধিত আইন নাগৰিকত্ব বিধেয়ক সন্দৰ্ভত দেওবাৰে জিলাখনৰ বিহামপুৰত বৰপেটাৰ সাংসদ আব্দুল খালেকে 'কা' অসমৰ ৰাইজে কোনোপধ্যে মানি নলয় । এই বুলি কৈ হংকাৰ প্ৰদান কৰে সাংসদগৰাকীয়ে । আনহাতে, ধৰ্মপুৰত সমাগত বিধানসভাৰ নিৰ্বাচনত ৪০ হাজাৰ ভোটত চন্দ্ৰমোহন পাটোৱাৰীক যুৱ শক্তিয়ে হৰুৱাব লাগিব বুলি কয় খালেকে ৷ লগতে আলফাই অপহৰণ কৰা প্ৰণৱ গগৈ আৰু ৰাম কুমাৰ সম্পৰ্কতো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আইন শৃংখলা ৰক্ষা কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ বুলি কটাক্ষ কৰি শীঘ্ৰে মুক্তি দিব লাগে বুলিও কয় ।
দেওবাৰে নলবাৰী জিলাৰ ধৰ্মপুৰত যুৱ হুংকাৰ সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ । ৫ বছৰে জাতি, মাটি, ভেটিৰ কথা কৈ বিজেপিয়ে অসমৰ ৰাইজক প্ৰবঞ্চনা কৰি আহিলে ৷ কংগ্ৰেছ চৰকাৰ আহিলে হিমন্তক জেলত পঠোৱাৰ হুংকাৰ সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰী নিবাস বি ভিৰ । এইবাৰ কংগ্ৰেছৰ মহাজোঁটৰ চৰকাৰ হোৱা বুলি কোৱাৰ লগতে নলবাৰীৰ তিনিটা সমষ্টিতে কংগ্ৰেছে জয় লাভ কৰিব বুলি নিশ্চিত প্ৰদান কৰে খালেকে ৷ আনহাতে উক্ত সভাত উপস্থিত থাকি সৰ্বভাৰতীয় সভাপতি নিবাস বি ভিয়ে ভাষন প্ৰসংগত কয় যে বিজেপিয়ে কৈছিল ভাল দিন আহিব ৷ কিন্ত ভাল দিন আম্বানি, অমিত শ্বাহৰ ক্ষেত্ৰতহে আহিল ৷ বিজেপিৰ এতিয়া ভাঙৰ নেতা আদানি, আম্বানি ৷
লগতে কয় যে,নৰেন্দ্ৰ মোডীয়ে পাঁচ বছৰত সকলোকে বিপদত পেলাইছে ৷ খেতিয়কসকলক খালিস্তান বুলি অভিহিত কৰিলে বিজেপি চৰকাৰখনে ৷ অসমত আহি নৰেদ্ৰ মোডীয়ে যিমান প্ৰতিশ্ৰুতি দিছিল সেয়া কিন্তু আজিকোপতি পুৰণ কৰিব নোৱাৰিলে ৷ ইয়াৰোপৰি, নৰেন্দ্ৰ মোডী এগৰাকী ভাল অভিনেতা বুলি কয় শ্ৰী নিবাসে ৷ নৰেন্দ্ৰ মোডীয়ে 'মন কি বাত'ৰ পৰিবৰ্তে জনতাৰ কথা শুনিব লাগে বুলিও কয় ৷ ২১ ত কংগ্ৰেছ চৰকাৰ আহিলে শীঘ্ৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জেলত যাব লাগিব বুলি এইদৰে নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিত ৬১ নং যুৱ কংগ্ৰেছ কমিটিৰ উদ্যোগত জাগ্ৰত যুৱ শক্তিৰ যুৱ হুংকাৰ সভাপতি শ্ৰী নিবাস বি ভিৰ ।
লগতে পঢ়ক:চিৰিয়াখানাৰ সন্মুখত চিৰিয়াখানা সুৰক্ষা মঞ্চৰ প্ৰতিবাদ