ETV Bharat / state

Two child death by drowning: নলবাৰীত ভাতৃ-ভগ্নীৰ সলিল সমাধি

author img

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 3:45 PM IST

নলবাৰীৰ বৰক্ষেত্ৰীৰ কুৰিহামাৰী চৰত শোকাবহ ঘটনা । পানীত পৰি কৰুণ মৃত্যুক সাৱটিলে ভাতৃ-ভগ্নীয়ে । বানে ছিঙা পথত পিচলি পৰি দুই শিশুৱে মৃত্যুক সাৱটি লয় বুলি জানিবলৈ দিয়ে অঞ্চলটোৰ ৰাইজে । শীঘ্ৰে পথচোৱা মেৰামতি কৰাৰ দাবী ৰাইজৰ ।

Child drowning at Kurihamari in Nalbari
নলবাৰীত ভাতৃ-ভগ্নীৰ সলিল সমাধি
নলবাৰীত ভাতৃ-ভগ্নীৰ সলিল সমাধি

নলবাৰী,৯ ছেপ্টেম্বৰ: নলবাৰীৰ বৰক্ষেত্ৰীৰ কুৰিহামাৰী চৰত সংঘটিত হয় এক কৰুণ ঘটনা । পানীত পৰি একেলগে কৰুণ মৃত্যুক সাৱটি ল'লে দুই ভাতৃ-ভগ্নীয়ে । মৃত শিশু দুটি সাত বছৰীয়া ইলিমা খাতুন আৰু পাঁচ বছৰীয়া মকিবুল বুলি জাানিবপৰা গৈছে । নিহত দুই ভাতৃ-ভগ্নী কুৰিহামাৰী গাঁৱৰ হানিফ আলীৰ সন্তান বুলি জানিব পৰা গৈছে । শিশু দুটিৰ মৃত্যুত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ অঞ্চলত ।

পৰিয়ালৰ লোকে জনোৱা অনুসৰি দুই ভাতৃ-ভগ্নীয়ে ফুৰিবলৈ গৈ থকা অৱস্থাত পথৰ গাঁটত পিচল খাই শোকাৱহ মৃত্যুক সাৱটি লয় । বিগত বানে পথটো ছিঙি নিয়াত পানীৰ সোঁতত পৰি শিশু দুটিয়ে কৰুণ মৃত্যুক সাৱটি লয় বুলি জানিবলৈ দিয়ে । পিছত স্থানীয়লোকে প্ৰত্যক্ষ কৰি শিশু দুটিক পানীৰ পৰা উদ্ধাৰ কৰে যদিও ইতিমধ্যেই দুয়োটি শিশুৰে মৃত্যু হয় ।

পৰৱৰ্তী সময়ত শিয়ালমাৰী আৰক্ষীয়ে শিশু দুটিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । মৃত ইলিমা খাতুন তৃতীয় শ্ৰেণীৰ ছাত্ৰী আৰু মকিবুল প্ৰথম শ্ৰেণীৰ ছাত্ৰ আছিল । শিশু দুটিৰ কৰুণ মৃত্যুত এতিয়া সমগ্ৰ অঞ্চলটোতেই এক শোকৰ ছাঁ পৰিছে ।

ইফালে বানে ছিঙা পথচোৱা আজি অতদিনে মেৰামতি নকৰাৰ ফলতে এই কৰুণ ঘটনা সংঘটিত হ'বলৈ পালে বুলি অভিযোগ উত্থাপন কৰে অঞ্চলটোৰ ৰাইজে । সেয়ে অতি শীঘ্ৰে পথচোৱা মেৰামতি কৰিবলৈ দাবী জনাই, ভৱিষ্যতে পুনৰ এনে ঘটনা সংঘটিত হ'লে ইয়াৰ বাবে চৰকাৰ কৰ্তৃপক্ষই দায়ী হ'ব বুলি উল্লেখ কৰে অঞ্চলটোৰ সচেতন ৰাইজে ।

লগতে পঢ়ক: Dead body recovered: মাকুম ছোটা হাপজানৰ ২৫ নং চাহ বাগিচাত এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.