ETV Bharat / state

আধাৰশিলা স্থাপনত ব্যস্ত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

author img

By

Published : Oct 10, 2020, 10:49 PM IST

নিৰ্বাচনৰ প্ৰাকক্ষণত নলবাৰীৰ ধৰ্মপুৰলৈ সঘন আহ-যাহ অব্যাহত ৰাখিছে ৰাজ্য চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ ন ন আঁচনিৰে ভোটাৰৰ লগতে সাধাৰণ ৰাইজক আকৰ্ষিত কৰিবলৈ কোনো ক্ৰটি এৰা নাই মন্ত্ৰী পাটোৱাৰীয়ে ৷ শনিবাৰৰ দিনটোত জিলাখনৰ ধৰ্মপুৰ সমষ্টিত উপস্থিত হৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে জাগ্ৰা অঞ্চলৰ কেইবাটাও পথ আৰু মন্দিৰৰ আধাৰশিলা স্থাপন কৰি নিৰ্বাচনী প্ৰচাৰ চলায় ৷

chandra mohan patowary attened foundation stone programme in nalbari assam etv bharat news
চন্দ্ৰমোহন পাটোৱাৰীৰ নিৰ্বাচনী চমক

নলবাৰী, 10 অক্টোবৰ: সমাগত অসম বিধানসভাৰ নিৰ্বাচন ৷ নিৰ্বাচন ওচৰ চপাৰ সমান্তৰালকৈ ৰাজ্যত ঢৌ উঠিছে আধাৰশিলা স্থাপনৰ ৷ প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে নিজ নিজ সমষ্টিত নিৰ্বাচনী আচৰণবিধি ঘোষণাৰ পূৰ্বে স্থাপন কৰিছে বহুকেইটা আধাৰশিলা ৷ নলবাৰীতো দেখা নগ’ল ব্যতিক্ৰম দৃশ্য ৷ নিৰ্বাচনৰ প্ৰাকক্ষণত নলবাৰীৰ ধৰ্মপুৰলৈ সঘন আহ-যাহ অব্যাহত ৰাখিছে ৰাজ্য চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ ন ন আঁচনিৰে ভোটাৰৰ লগতে সাধাৰণ ৰাইজক আকৰ্ষিত কৰিবলৈ কোনো ক্ৰটি এৰা নাই মন্ত্ৰী পাটোৱাৰীয়ে ৷ শনিবাৰৰ দিনটোত জিলাখনৰ ধৰ্মপুৰ সমষ্টিত উপস্থিত হৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে জাগ্ৰা অঞ্চলৰ কেইবাটাও পথ আৰু মন্দিৰৰ আধাৰশিলা স্থাপন কৰি নিৰ্বাচনী প্ৰচাৰ চলায় ৷

চন্দ্ৰমোহন পাটোৱাৰীৰ নিৰ্বাচনী চমক

তদুপৰি বিগত সময়ছোৱাত কংগ্ৰেছ চৰকাৰৰ দিনত কোনোধৰণৰ উন্নয়ন নোহোৱাৰ কথা দোহাৰে মন্ত্ৰীগৰাকীয়ে ৷ প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী নীলমণি সেন ডেকাক কটাক্ষ কৰি মন্ত্ৰীগৰাকীয়ে বিগত 15 বছৰে ডেকাই মন্ত্ৰীত্বৰ বাব চম্ভালাৰ নামত জনসাধাৰণক ঠগোৱা বুলি অভিযোগ উত্থাপন কৰে ৷

লগতে চাওকঃ অক্ষয় টেলি কমিউনিকেচনত চিআইডিৰ হাতোৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.