গুৱাহাটী: অসমত বি জে পিৰ বিৰুদ্ধে কংগ্ৰেছ দলে চলায় থকা ৰাজনৈতিক যুঁজখনৰ বিৰুদ্ধে একাংশই ষড়যন্ত্ৰ কৰি থকা বুলি অভিযোগ উত্থাপন কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । বুধবাৰে গুৱাহাটীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাৰত বৰাই এই অভিযোগ উত্থাপন কৰি কয়, "শেহতীয়াকৈ কংগ্ৰেছ দলে অসমত বি জে পিৰ বিৰুদ্ধে চলায় থকা যুঁজখনৰ বিৰুদ্ধে একাংশই ষড়যন্ত্ৰ কৰি আছে ।"
উল্লেখ্য যে শেহতীয়াকৈ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৰাজহুৱাকৈ কংগ্ৰেছৰ বিৰুদ্ধে বিষোদগাৰ কৰি থকাৰ লগতে অকলে বি জে পিৰ বিৰুদ্ধে আগন্তুক নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি কৰা মন্তব্যৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বৰাই এই মন্তব্য কৰে ।
তেওঁ অখিল গগৈৰ নাম নোলোৱাকৈ কয়, "এই ৰাজনৈতিক ষড়যন্ত্ৰৰ বিৰুদ্ধে দলৰ নেতা-কৰ্মীক কোনো ৰাজহুৱা মন্তব্য নকৰাৰ বাবে সকীয়াই থোৱা আছে । কাৰণ ইয়াৰ উত্তৰ ৰাইজে দিব । ৰাইজে প্ৰথমে মুখ খুলিব । আমি আমাৰ বি জে পি বিৰোধী যুঁজখন অধিক শক্তিশালী ৰূপত লৈ যাম । এই ক্ষেত্ৰত ৰণকৌশল প্ৰস্তুত কৰা হৈছে ।"
উমৰাংছ' কয়লা খনিকলৈ চলি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভূমিকাক প্ৰশংসা ভূপেন বৰাৰ:
ডিমা হাছাও জিলাৰ উমৰাংছ'ত দীৰ্ঘদিন ধৰি অবৈধভাৱে কয়লা খনন চলি থকা এটা খনিত সংঘটিত দুর্ঘটনাত বহুকেইজন শ্রমিকৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰা ভূমিকাক ভূপেন বৰাই প্ৰশংসা কৰে । তেওঁ কয়, "এই কয়লা খনন কেংলকাৰীক মুখ্যমন্ত্ৰীয়ে গাপ দিয়াৰ চেষ্টা কৰি আছে । এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়েই জড়িত হৈ আছে । কংগ্ৰেছ দলে এই কেলেংকাৰী ফাদিল কৰিব ।"
উল্লেখ্য ৰাজ্যৰ বিভিন্ন স্থানত অবৈধ ৰেট হোল মাইনিং পদ্ধতিৰে চলি থকা কয়লা খননক লৈ ৰাজ্য চৰকাৰক জবাবদিহি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে । এই অবৈধ ৰেট হোল মাইনিং তথা কয়লা খনন বন্ধ কৰাৰ বাবে ৰাজ্য চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিছে । সেই সন্দৰ্ভত শেহতীয়া অগ্ৰগতিৰ প্ৰতিবেদনসহ শপতনামা দাখিল কৰিবলৈ উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে । অহা ৭ ফেব্ৰুৱাৰীৰ ভিতৰত ৰাজ্য চৰকাৰে আদালতত এই প্রতিবেদন দাখিল কৰিব লাগিব ।