জনীয়া, 27 এপ্ৰিল: কলগাছিয়াৰ ধৰ্মপুৰত বুধবাৰে নিশা সৃষ্টি এক উত্তপ্ত পৰিস্থিতিৰ ৷ একাংশ ৰাইজৰ ওপৰত মাৰপিত কৰাৰ অভিযোগ আঞ্চলিক পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে ৷ 7 জনকৈ লোকক মাৰপিত কৰাৰ অভিযোগ ৷ আঞ্চলিক পঞ্চায়তৰ সভাপতি জাকিৰ হুছেইনৰ বিৰুদ্ধে গুণ্ডাৰাজ চলোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ (Tense Situation in Kalgachia) ৷
বৰপেটা জিলাৰ সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত ধৰ্মপুৰ গাঁৱত বুধবাৰে নিশা এখন মাছ ধৰা বিলক কেন্দ্ৰ কৰি গাঁওখনৰ ৰূপসী আঞ্চলিক পঞ্চায়তৰ সভাপতি জাকিৰ হুছেইন আৰু তেওঁৰ পৰিয়ালে একাংশ গঞা ৰাইজৰ ওপৰত ভয়ংকৰ মাৰপিত কৰাৰ অভিযোগ উত্থাপন হৈছে (Protest Against Panchayat President in Kalgachia) ৷
উল্লেখযোগ্য যে মাটিৰ গৰাকীসকলৰ অৰ্থাৎ একাংশ ৰাইজৰ নিজৰ মাটি এই বিল অন্তৰ্ভূক্ত হৈ আছে, কিন্ত তথাপিও এতিয়া মাটিৰগৰাকীয়ে মাছ ধৰিব বা পুহিব নোৱাৰে বিলত ৷ বিগত ১৫ বছৰৰ পৰা ৰূপসী আঞ্চলিক পঞ্চায়ৰ সভাপতি জাকিৰ হুছেইনে শক্তি প্ৰদৰ্শনেৰে ৰাইজক বঞ্চিত কৰি কৌশলেৰে দুখীয়া ৰাইজক শোষণ কৰি আহিছে বুলি অভিযোগ কৰিছে ৰাইজে (Panchayat President Beaten Innocent in Kalgachia) ৷
বুধবাৰে এই সন্দৰ্ভত গঞা ৰাইজ এক আলোচনাত মিলিত হৈ জাকিৰ হুছেইনক আৰু মাছ ধৰা বিল দখল কৰিব নিদিয়াৰ সিদ্ধান্ত লয় আৰু ৰাইজৰ সেই সিদ্ধান্তৰ বিৰুদ্ধে খৰ্গহস্ত হৈ জাকিৰ হুছেইনে আৰু তেওঁৰ পৰিয়ালে নীৰিহ ৰাইজৰ ঘৰে ঘৰে গৈ দাবী-ধমকি দিয়াৰ লগতে একাংশক প্ৰাণ নাশৰ ভাবুকি দিয়া বুলি অভিযোগ কৰিছে ৰাইজে ৷ ৰূপসী আঞ্চলিক পঞ্চায়তৰ সভাপতি জাকিৰ হুছেইনে অঞ্চলটোত গুণ্ডাৰাজ চলাই আছে বুলিও অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ সেয়ে অঞ্চলটোৰ ৰাইজে নিশাৰ ভাগত একত্ৰিত হৈ ৰূপসী আঞ্চলিক সভাপতি জাকিৰ হুছেইনৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷
লগতে পঢ়ক: FIR against Rana Goswami: মহিলা বিজেপি কৰ্মীৰ বিৰুদ্ধে নিকৃষ্ট মন্তব্য কৰি বিপদত কংগ্ৰেছৰ ৰাণা গোস্বামী; ৰুজু হ’ল গোচৰ