ETV Bharat / state

বাঢ়নী পানীত উটি গ’ল দলং : LIVE - bridge

কেমেৰাৰ সন্মুখতে হুৰহুৰাই খহিল জৰাজীৰ্ণ কাঠৰ দলং ৷ নিমিষতে বাঢ়নী পানীয়ে উটুৱাই নিলে দলংখন ৷ কাণসাৰ নাই জন প্ৰতিনিধিৰ ৷ সম্পূৰ্ণৰূপে বিচিন্ন হ’ল দুখন জিলাৰ সংযোগ ৷ আজিও আধাৰশিলাতে স্তব্ধ হৈ ৰৈছে দলং পকীকৰণৰ কাম ৷

কেমেৰাৰ সন্মুখতে উটি গ'ল জৰাজীৰ্ণ দলং
author img

By

Published : Jun 29, 2019, 11:28 AM IST

নলবাৰী, 29 জুন : শেহতীয়াভাৱে হোৱা নেৰানেপেৰা বৰষুণৰ ফলত উফন্দি উঠিছে বৰলীয়া নৈৰ জলপৃষ্ঠ ৷ নৈখনৰ বাঢ়নী পানীৰ কোবাল সোঁতে কেমেৰাৰ সন্মুখতে উটি গ'ল কামৰূপ আৰু নলবাৰী জিলা সংযোগী বৰলীয়া নৈৰ দলংখন ৷

বৰক্ষেত্ৰী আৰু হাজো সমষ্টিৰ সীমান্তৰ ভঁৰালটোলাৰ জৰাজীৰ্ণ কাঠৰ দলংখনেই আছিল জনসাধাৰণৰ একমাত্ৰ যাতায়াতৰ সম্বল ৷ কিন্তু বৰলীয়া নৈৰ বাঢ়নী পানীৰ কালমূৰ্তিয়ে নিমিষতে চাৰখাৰ কৰি পেলালে নৈখনৰ দুই পাৰৰ লোকৰ যাতায়াত ৷ নৈখনৰ সংহাৰী ৰূপৰ ফলত এতিয়া যাতায়তৰ নামত জীয়াতু ভুগিছে দুয়োখন জিলাৰ লোক ৷ বৃহত্তৰ কৃষি প্ৰধান অঞ্চলটোৰ ৰাইজে ভৰ বাৰিষা নৈখন পাৰ হৈ খেতিপথাৰলৈ যোৱাৰ লগতে ব্যৱসায়-বাণিজ্যতো সৃষ্টি হৈছে সমস্যা ৷ নৈখন পাৰ হৈ আহ-যাহ কৰিবলৈ বিকল্প পথ বিচাৰি ৰাইজে অতিক্ৰম কৰিবলগীয়া হৈছে প্ৰায় ৫-৬ কিলোমিটাৰ বাট ৷

বাঢ়নী পানীত উটি গ’ল দলং : LIVE

উল্লেখ্য যে, বছৰ বছৰ ধৰি নৈখনৰ দুয়োপাৰৰ ৰাইজে নৰক যন্ত্ৰণা ভুগি অহাৰ পিছত প্ৰায় এবছৰ পূৰ্বে বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাই উক্ত দলংখন পকীকৰণৰ উদ্দেশ্যে স্থাপন কৰিছিল আধাৰশিলা ৷ পিছে দলং পকীকৰণ হোৱাটো দূৰৰে কথা আজিও আৰম্ভই নহ'ল পকী দলঙৰ নিৰ্মাণকাৰ্য ৷ দলং নিৰ্মাণৰ নামত এমুঠি শিল-বালিও নপৰিল উক্ত স্থানত ৷ সেয়ে পুনৰ বিপদসংকুলভাৱে দুই পাৰৰ ৰাইজে অব্যাহত ৰাখিছিল অহা-যোৱা ৷ কিন্তু শেহতীয়াভাৱে নৈখনৰ বাঢ়নী পানীয়ে ভূতৰ ওপৰত দানৱ পৰাৰ দৰে জৰাজীৰ্ণ কাঠৰ দলংখনো উটুৱাই নিয়াত যাতায়াতৰ নামত হাহাকাৰৰ সৃষ্টি হৈছে জনসাধাৰণৰ মাজত ৷

Intro:#কেমেৰাৰ সন্মুখতে হুৰহুৰাই খহিল জৰাজীৰ্ণ কাঠৰ দলং#

#নিমিষতে বাঢ়নী পানীয়ে উটুৱাই নিলে দলংখন#

#কাণসাৰ নাই জন প্ৰতিনিধিৰ#

#নিমাত বিভাগীয় কৰ্তৃপক্ষ#

#সম্পূৰ্ণৰূপে বিচিন্ন হ’ল দুখন জিলাৰ সংযোগ#

#স্তব্ধ হৈ পৰিল যাতায়ত#

#আজিও আধাৰশিলাতে স্তব্ধ হৈ ৰৈছে দলং পকীকৰণৰ কাম#

#বৰলীয়া নৈৰ ওপৰত আছিল জৰাজীৰ্ণ কাঠৰ দলংখন#

#হাহাঁকাৰ নৈখনৰ ইপাৰ-সিপাৰ জনসাধাৰণৰ#Body:কেমেৰাৰ সন্মুখতে হুৰহুৰাই খহিল জৰাজীৰ্ণ কাঠৰ দলং৷নিমিষতে বাঢ়নী পানীয়ে উটুৱাই নিলে জৰাজীৰ্ণ কাঠৰ দলংখন৷বৰলীয়া নৈৰ বাঢ়নী পানীয়ে বিচিন্ন কৰিলে দুখনকৈ জিলাৰ সংযোগ৷সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিল যাতায়ত৷দুই পাৰৰ নৈপৰীয়া ৰাইজৰ হাহাঁকাৰ৷পুনৰ চাওক সেই শিহৰণকাৰী দৃশ্য৷

বাইট=স্থানীয় লোক৷

V.O=হয়..শেহতীয়াভাৱে হোৱা নেৰানেপেৰা বৰষুণৰ ফলত উফন্দি উঠিছে বৰলীয়া নৈৰ জলপৃষ্ঠ৷এটা সময়ত নৈখনৰ বাঢ়নীৰ প্ৰবাল সোঁতে এইদৰে ভাঙি লৈ গ’ল কামৰূপ আৰু নলবাৰী সংযোগী এইখন জৰাজীৰ্ণ কাঠৰ দলং৷বৰক্ষেত্ৰী আৰু হাজো সমষ্টিৰ সীমান্তৰ ভঁৰালটোলাৰ এইখন জৰাজীৰ্ণ কাঠৰ দলঙে আছিল নৈখনৰ একমাত্ৰ যাতায়তৰ সম্বল৷কিন্তু বৰলীয়া নৈৰ বাঢ়নী পানীৰ কালমূৰ্ত্তিয়ে নিমিষতে চাৰখাৰ কৰি পেলালে নৈখনৰ দুই পাৰৰ লোকৰ যাতায়ত৷নৈখনৰ সংহাৰী ৰূপৰ ফলত এতিয়া যাতায়তৰ নামত জীয়াতু ভুগীছে দুয়োখন জিলাৰ লোকে৷বৃহত্তৰ কৃষি প্ৰধান অঞ্চলটোৰ ৰাইজে ভৰ বাৰিষা নৈখন পাৰ হৈ খেতিপথাৰলৈ যোৱাৰ লগতে ব্যৱসায়-বানিজ্যতো সৃষ্টি হৈছে সমস্যা৷নৈখন পাৰ হৈ আহযাহ কৰিবলৈ বিকল্প পথ বিচাৰি ৰাইজে অতিক্ৰম কৰিবলগীয়া হৈছে প্ৰায় ৫/৬ কিলমিটাৰ বাট৷উল্লেখযোগ্য যে বছৰ বছৰ ধৰি নৈখনৰ দুয়োপাৰৰ ৰাইজে নৰক যন্ত্ৰণা ভুগি অহাৰ পিছত প্ৰায় এবছৰ পূৰ্বে বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাই উক্ত দলংখন পকীকৰণৰ উদ্দেশ্যে স্থাপন কৰিছিল আধাৰশিলা৷পিছে বিধায়কে স্থাপন কৰা আধাৰশিলা আধাৰশিলাই হৈ থাকিল৷দলং পকীকৰণ হোৱাটো দূৰৰে কথা আজিও আৰম্ভই নহল পকী দলঙৰ নিৰ্মাণকাৰ্য্য৷দলং নিৰ্মাণৰ নামত এমুঠি শিল-বালিও নপৰিল উক্ত স্থানত৷সেয়ে পুনৰ বিপদসংকুলভাৱে দুই পাৰৰ ৰাইজে অব্যাহত ৰাখিছিল অহাযোৱা৷কিন্তু শেহতীয়াভাৱে নৈখনৰ বাঢ়নী পানীয়ে ভূটৰ ওপৰত দানৱ পৰাৰ দৰে জৰাজীৰ্ণ কাঠৰ দলংখনো উটুৱাই নিয়াত যাতায়তৰ নামত হাহাঁকাৰৰ সৃষ্টি হৈছে জনসাধাৰণৰ মাজত৷সম্পূৰ্ণৰূপে বিচিন্ন হৈ পৰিছে দুয়োখন জিলাৰ যাতায়ত৷ইফালে এই ঘটনাৰ পিছতো আজিলৈকে সেই স্থানত এবাৰলৈও উপস্থিত হোৱা নাই স্থানীয় বিধায়ক নাৰায়ণ ডেকা কিম্বা বিভাগীয় কৰ্তৃপক্ষ৷শীৰ্ঘ্ৰে দলংখন পকীকৰণ কৰাৰ দাবী পথচাৰীৰ লগতে দুই পাৰৰ ৰাইজৰ৷Conclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.