নলবাৰী, ১৪ জুন: বিশ্ব ৰক্তদাতা দিৱস(World Blood Donor Day) উপলক্ষে হিন্দু জাগৰণ মঞ্চ অসমে ৰাজ্যজুৰি 'ৰক্তধাৰা' শীৰ্ষক কাৰ্যসূচী অনুষ্ঠিত কৰে । সোমবাৰে নলবাৰী জিলাত সংস্থাটোৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত ৰক্তদান শিবিৰৰ আয়োজন কৰা হয় ।
সেৱা ভাৰতীৰ সহযোগিতাত সম্পূৰ্ণভাৱে ক'ভিড(Covid) নিয়ম পালন কৰি এই শিবিৰ অনুষ্ঠিত কৰা হয় । অসমৰ বিভিন্ন প্ৰান্তৰ লগতে হিন্দু জাগৰণ মঞ্চ নলবাৰী জিলা সমিতিয়ে ঘগ্ৰাপাৰ হৰিমন্দিৰ প্ৰাংগনত ৰক্তদান শিবিৰ(Blood donation Camp)ৰ আয়োজন কৰে । পুৱা ৯ পৰা আৰম্ভ আৰম্ভ হয় এই ৰক্তদান শিবিৰ ।
এই অনুষ্ঠানত উপস্থিত থাকি সহযোগিতা আগবঢ়ায় নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ চিকিৎসক খনিন্দ্ৰ মোহন সাউদ, ড০ উৎপল দাস, নেশ্যনেল মেডিক'জ অৰ্গেনাইজেছনৰ ছাত্ৰৰ লগতে নলবাৰী জিলাৰ হিন্দু জাগৰণ মঞ্চৰ সভাপতি উৎপল কলিতা, সাধাৰণ সম্পাদক ভক্ত ছেত্ৰীৰ লগতে সম্পাদক মানস প্ৰতিম । এই বৰ্ষৰ বিশ্ব ৰক্তদাতা দিৱসৰ থীম(World Blood Donor Day's theme) হৈছে 'তেজ দিয়া, পৃথিৱীক স্পন্দিত কৰি ৰাখা' ।
লগতে পঢ়ক:অৰুণাচলত ব্ৰাউন চুগাৰসহ প্ৰাক্তন আলফা সদস্য গ্ৰেপ্তাৰ