ETV Bharat / state

চৰকাৰী ধন আত্মসাতৰ অভিযোগত আটক বিজেপি কৰ্মী - Allegation of money embezzlement against BJP worker

চৰকাৰী ধন আত্মসাৎ কৰি আৰক্ষীৰ জালত পৰিল BJP কৰ্মী (BJP worker arrested for embezzlement of money) । নলবাৰীত গ্ৰেপ্তাৰ হোৱা BJP কৰ্মীজনৰ স্বীকাৰোক্তিত আৰু বহু ৰৌ-বৰালী জালত পৰাৰ সম্ভাৱনা ।

Police arrest BJP worker for embezzlement of government money
BJP কৰ্মীৰ বিৰুদ্ধে ধন আত্মসাতৰ অভিযোগ
author img

By

Published : Apr 14, 2022, 8:36 PM IST

নলবাৰী, ১৪ এপ্ৰিল: নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষীয়ে চৰকাৰী ধন শৰাধ কৰাৰ অভিযোগত এগৰাকী বিজেপি কৰ্মীক গ্ৰেপ্তাৰ কৰিছে (Allegation of money embezzlement against BJP worker) ৷ বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ অধীনষ্ঠ কান্ধবাৰী-দাগাপাৰা গাঁও পঞ্চায়তৰ কেইবাটাও গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ বাবে ২০২০-২১ বৰ্ষত এম জি এনৰেগা আঁচনিৰ অধীনত আৱন্টন হৈছিল লাখ লাখ টকা ৷

আনকি একাংশ দুৰ্নীতিগ্ৰস্ত লোকে পঞ্চায়তখনৰ অধীনত ভুৱা অনুষ্ঠান-প্ৰতিষ্ঠান দেখুৱাই বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ একাংশ দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰীৰ সহযোগত MGNREGA আঁচনিৰ জড়িয়তে লাখ লাখ টকা আৱন্টন কৰাৰ অভিযোগ উঠিছে ৷ পঞ্চায়তখনৰ অধীনস্ত ২নং কান্ধবাৰী (চাকলা) গাঁৱত আঁচনিৰ নিম্নমানৰ কাম কৰিয়ে আঁচনিৰ ধন আত্মসাৎ আৰু ভুৱা অনুষ্ঠানৰ নামত চৰকাৰী ধন ভুৱা জৱকাৰ্ডৰে লুণ্ঠন চলোৱাৰ অভিযোগত গাঁওখনৰ একাংশ সমাজ সচেতন লোকে মুকালমুৱা থানাত কেইবাখনো এজাহাৰ দাখিল কৰে ৷

সেই মৰ্মে মুকালমুৱা থানাত ভাৰতীয় দণ্ড বিধি আইনৰ ৪২০/৪০৯/ ৫০৬ /২৯৪/ ৩৪ ধাৰাৰ অধীনত কেইবাটাও গোচৰ ৰুজু হয় ৷ আৰক্ষীয়ে গোচৰ সমূহৰ তদন্ত কৰি ৮৮৪/২১ নম্বৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে কালি বিজেপি কৰ্মী দিলোৱাৰ হুছেইনক গ্ৰেপ্তাৰ কৰে ৷

চৰকাৰী ধন আত্মসাতৰ অভিযোগত আটক বিজেপি কৰ্মী

মুকালমুৱা আৰক্ষীয়ে বিজেপি কৰ্মী গৰাকীক গ্ৰেপ্তাৰ কৰাৰ পিছত বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ কাৰ্যালয়ত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ কিয়নো যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে কেইবাজনো চৰকাৰী কৰ্মচাৰী ৷ উল্লেখ্য যে, বিগত সময়চোৱাত দুৰ্নীতিৰ ভূ-স্বৰ্গত পৰিণত হৈছিল বৰক্ষেত্ৰী উন্নয়ন খণ্ড ৷ ইতিমধ্যে পঞ্চায়ত আৰু গ্ৰামোন্নয় বিভাগে বৰক্ষেত্ৰীৰ কেইবা শ কৌটি টকীয়া দুৰ্নীতিৰ তদন্ত কৰি উন্নয়ন খণ্ডৰ তদানীন্তন খণ্ড উন্নয়ন বিষয়া নেকিবুৰ ৰহমানসহ কেইবাজনো বিষয়া-কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বন কৰিছে ৷

মনকৰিবলগীয়া যে, চৰকাৰী ধন লুণ্ঠনৰ তদন্ত প্ৰকৃত আৰু নিকা হ'লে বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ কেইবাগৰাকী বিষয়া-কৰ্মচাৰী জালত পৰাৰ সম্ভৱনা প্ৰকট ৷ ইপিনে বিজেপি কৰ্মীজনে কংগ্ৰেছ কৰ্মী সকলৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ কৰিছে ৷ আঁচনি ৰূপায়ন কৰাৰ নামত অঞ্চলটোৰ একাংশ কংগ্ৰেছ কৰ্মীয়ে বিজেপি কৰ্মীজনৰ পৰা ডেৰ লাখ টকা বিচৰাৰ অভিযোগ কৰিছে ৷

লগতে পঢ়ক: etv comment image মৰিগাঁৱৰ ঐতিহাসিক চাৰণ বিলত পৰম্পৰাগভাৱে পালন গৰু বিহু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.