ETV Bharat / state

Covid Vaccine ৰ প্ৰথম পালি টীকাকৰণৰ উদ্দেশ্যে নলবাৰীত সভাৰ আয়োজন

শনিবাৰে জিলা পৰিষদৰ সভাকক্ষত নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা(Jayanta Malla Baruah)ৰ উদ্যোগত আৰু জিলা স্বাস্থ্য বিভাগৰ সহযোগত 100 শতাংশ ক'ভিডৰ প্ৰথম পালি টীকাকৰণ কৰাৰ লক্ষ্য আগত ৰাখি সমষ্টিটোৰ আশাকৰ্মী, আশা চুপাৰভাইজাৰ আৰু ভাৰতীয় জনতা পাৰ্টীৰ মাজত এখন স্বাস্থ্য স্বয়ং সেৱক সভা অনুষ্ঠিত হয় ।

bjp organized a meeting for first dose of covid vaccine in nalbari
নলবাৰীত Covid Vaccine ৰ প্ৰথম পালি টীকাকৰণৰ উদ্দেশ্যে সভাৰ আয়োজন
author img

By

Published : Nov 21, 2021, 4:13 PM IST

নলবাৰী, 21 নৱেম্বৰ : শনিবাৰে জিলা পৰিষদৰ সভাকক্ষত নলবাৰী সমষ্টিৰ বিধায়কৰ উদ্যোগত লগতে জিলা স্বাস্থ্য বিভাগৰ সহযোগত সমষ্টিটোৰ আশাকৰ্মী, আশা চুপাৰভাইজাৰ আৰু ভাৰতীয় জনতা পাৰ্টীৰ মাজত এখন স্বাস্থ্য স্বয়ং সেৱক সভা অনুষ্ঠিত হয় ।

নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা(jayanta malla baruah)ৰ উদ্যোগত নলবাৰী স্বাস্থ্য বিভাগে 100 শতাংশ ক'ভিডৰ প্ৰথম পালি টীকাকৰণ কৰাৰ উদ্দেশ্য আগত ৰাখি উক্ত সভাখন অনুষ্ঠিত কৰে ৷ এই সভাত উপস্থিত থাকে মঙলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়া(Dilip Saikia), বিধায়ক জয়ন্ত মল্ল বৰুৱা, জিলা যুটীয়া সেৱা সঞ্চালক উমেশ ফাংচু, জিলা পৰিষদৰ সভাপতি নিতুল ডেকাকে ধৰি আশা কৰ্মী, আশা চুপাৰভাইজাৰ সকল ।

নলবাৰীত Covid Vaccine ৰ প্ৰথম পালি টীকাকৰণৰ উদ্দেশ্যে সভাৰ আয়োজন

ইফালে অসমত যি উন্নয়নৰ ধাৰা আৰম্ভ হৈছে সেই আন্দোলনৰ ধাৰা যাতে কোনেও আন্দোলন কৰি বাধা নিদিয়ে তাৰ বাবে সাংসদ দিলীপ শইকীয়াই এই সভাত সকলোকে আহবান জনায় ।

লগতে বিধায়ক জয়ন্ত মল্ল বৰুৱাইও কা(CAA) আন্দোলন পুনৰ আৰম্ভ হোৱাৰ সন্দৰ্ভত মন্তব্য কৰি কয় যে অসমত এচাম মানুহ আছে যিসকলে অসমখন পিছুৱাই ৰাখিবলৈ আন্দোলনক ব্যৱসায় হিচাপে লৈ দোকানখন খুলি ৰখাৰ চেষ্টা কৰি থাকে । এইবিলাক শক্তিক সদায় ৰাইজে নস্যাৎ কৰি থাকিব লাগে । কিছুমান মানুহে সুৰুঙা পালেই আন্দোলন কৰি চান্দা সংস্কৃতিতো চলাই ৰাখে বুলিও মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷

লগতে পঢ়ক : Chirang venture school teachers protest: উত্তাল কাজলগাঁও উপায়ুক্ত কাৰ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.