ETV Bharat / state

BJP Minority Morsa organizes bike rally: মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰাৰ উদ্দেশ্যে বাইক ৰেলী - organizes bike rally

৫ মুছলমান জনগোষ্ঠীক খিলঞ্জীয়া অসমীয়া মুছলমানৰ স্বীকৃতি দিয়াত (5 communities in Assam recognised as Indigenous Muslims) আনন্দিত হৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰাৰ উদ্দেশ্যে দেওবাৰে কুৰিহাৰ পৰা বামুনবড়ীলৈ বাইক ৰেলীৰ আয়োজন কৰা হয় (BJP Minority Morsa organizes bike rally) ৷

BJP Minority Morsa organizes bike rally thanks to CM in Nalbari
মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰাৰ উদ্দেশ্যে বাইক ৰেলীৰ আয়োজন
author img

By

Published : Jul 17, 2022, 7:06 PM IST

নলবাৰী, ১৭ জুলাই: ৫ টা মুছলমান জনগোষ্ঠীক খিলঞ্জীয়া অসমীয়া মুছলমানৰ স্বীকৃতি (5 communities in Assam recognised as Indigenous Muslims) দিয়াত আনন্দিত হৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰাৰ উদ্দেশ্যে দেওবাৰে কুৰিহাৰ পৰা বামুনবড়ীলৈ বাইক ৰেলীৰ আয়োজন কৰা হয় ৷ বৰক্ষেত্ৰী বিজেপি সংখ্যালঘু মৰ্চাৰ উদ্যোগত বিজেপিয়ে এই বাইক ৰেলীৰ আয়োজন কৰে (BJP Minority Morsa organizes bike rally) ।

মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰাৰ উদ্দেশ্যে বাইক ৰেলীৰ আয়োজন

উল্লেখ্য যে, বিগত কেবাবছৰ ধৰি জনজাতিকৰণৰ বাবে দাবী কৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল এই জনগোষ্ঠীকেইটাই ৷ মাত্ৰ কিছুদিন পূৰ্বে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে গৰীয়া, মৰিয়া, জোলহা, দেশী আৰু চৈয়দকে ধৰি ৫ টা জনগোষ্ঠীক খিলঞ্জীয়া অসমীয়া মুছলমানৰ স্বীকৃতি দিছিল ৷

এই সন্দৰ্ভত বিজেপি সংখ্যালঘু মৰ্চাই তেওঁলোকক চৰকাৰে নিজৰ অধিকাৰ ঘূৰাই দিয়াৰ বাবে ধন্যবাদ জনায় মুখ্যমন্ত্ৰী আৰু বিজেপি চৰকাৰখনক ।

এই ৰেলীত উপস্থিত থাকে সংখ্যালঘু মৰ্চাৰ কাৰ্যনিৰ্বাহক সদস্য ৰুবুল আলী, অধিবক্তা জাকিৰ হুছেইন, ঘোগা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য ছাহজাহান আলী (মাজু), সমাজ কৰ্মী ফেইজ আলীৰ লগতে সংখ্যালঘু মৰ্চাৰ সদস্যসকলৰ লগতে বিজেপিৰ কাৰ্যকৰ্তাসকল ।

লগতে পঢ়ক: অগ্নিপথ আঁচনিৰ নিযুক্তিৰ বাবে সাজু অসমৰ যুৱ প্ৰজন্ম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.