নলবাৰী, 30 জুলাই : অৰ্থৰ অভাৱত চিকিৎসাৰ পৰা বঞ্চিত নলবাৰীৰ বৰকুৰিহাৰ নিৱাসী প্ৰদীপ শৰ্মা । গাড়ী চলাই কোনোমতে জীৱন নিৰ্বাহ কৰি আছিল এইগৰাকী দুৰ্ভগীয়া লোকজনে । কিন্তু আজিৰ পৰা আঢ়ৈ বছৰ পূৰ্বে এক পথ দুৰ্ঘটনাত তেওঁ দুয়োখন ভৰি গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয়।
জিএমচিত ডেৰ বছৰ ধৰি চিকিৎসা গ্ৰহণৰ অন্তত সোঁ ভৰিখন সুস্থ হৈ উঠে যদিও বাঁও ভৰিখনত ঘাঁহ হৈ সংক্ৰমণ হোৱাত সমস্যাত পৰিছে প্ৰদীপ শৰ্মা। কিন্তু অৰ্থৰ অভাৱত কৰাব পৰা নাই উচিত চিকিৎসা।
অৱশেষত চিকিৎসাৰ ক্ষেত্ৰত ৰাইজৰ সহায় বিচাৰি তেওঁ ফেচবুক যোগে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই বিজেপিৰ কিষাণ মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক দ্বিবন ডেকাই ব্যক্তিজনৰ চিকিৎসাৰ সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰি বুধবাৰে মহানগৰীৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱায় । বিজেপিৰ নেতাগৰাকী এনেদৰে আগবাঢ়ি আহি সহায় কৰা কাৰ্যক এতিয়া সকলোৱে একেমুখে শলাগ লৈছে ।
লগতে চাওক-NSCN-K ত ফাট, বহিষ্কাৰ তিনি জেষ্ঠ নেতা