নলবাৰী, 28 ডিচেম্বৰ : নলবাৰীৰ মুকালমুৱাত বাজিল বিজেপিৰ নিৰ্বাচনী ৰণডংকা ৷ সোমবাৰে জিলাখনৰ বৰভাগ আৰু বৰক্ষেত্ৰী মণ্ডল বিজেপিৰ উদ্যোগত অনুষ্ঠিত হয় বিশাল যোগদান সভা ৷ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী থকা অৱস্থাত গেৰুৱা দলটোৱে পূৰ্ণ প্ৰস্তুতিৰে বজাইছে নিৰ্বাচনী ৰণডংকা ৷
মুকালমুৱাত অনুষ্ঠিত এই সভাত দলটোত যোগদান কৰে ভিন্ন দল-সংগঠনৰ লোকে ৷ উল্লেখ্য যে, বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকাৰ উদ্যোগত অনুষ্ঠিত এই সভাত উপস্থিত থাকে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, ৰাজ্যিক সাংগঠনিক সম্পাদক ফণী শৰ্মা, মুখপাত্ৰ মনোজ বৰুৱাৰ লগতে কেইবাগৰাকীও বিজেপি নেতাৰ লগতে বহুসংখ্যক দলীয় নেতা-কৰ্মী ৷
লগতে চাওকঃ দৈজিং মহোৎসৱৰ সকলো কাৰ্যসূচী বাতিল