ETV Bharat / state

Rescued Baby identified: অৱশেষত চিনাক্ত হ’ল ঘগ্ৰাপাৰত উদ্ধাৰ হোৱা শিশুটিৰ পৰিচয়

author img

By

Published : Jul 24, 2022, 10:03 PM IST

অৱশেষত চিনাক্ত হ’ল নলবাৰীৰ ঘগ্ৰাপাৰত উদ্ধাৰ হোৱা চাৰিমহীয়া শিশুটিৰ পৰিচয় ৷ তথ্য অনুসৰি, বিগত ২৩ জুলাইৰ মাজনিশা নলবাৰীৰ ভাংনামাৰীৰ পৰা নিৰুদ্দেশ হৈ আছিল কণমানিটো ৷

Baby Rescue At Ghograpa
অৱশেষত চিনাক্ত হ’ল ঘগ্ৰাপাৰত উদ্ধাৰ হোৱা শিশুটিৰ পৰিচয়

নলবাৰী, ২৪ জুলাই : নলবাৰীৰ ঘগ্ৰাপাৰত উদ্ধাৰ হোৱা কণমানিটি চিনাক্ত হ'ল(Baby Rescue At Ghograpa)। চলিত মাহৰ ২৩ তাৰিখে মাজনিশা বৰক্ষেত্ৰী ভাংনামাৰী চৰৰ পৰা নিৰুদ্দেশ হৈ আছিল চাৰিমহীয়া এটি কণমানি । শুই থকা অৱস্থাতে ঘৰৰ দুৱাৰ ভাঙি পিতৃ-মাতৃৰ বুকুৰ মাজৰ পৰা দুৰ্বৃত্তই লৈ গৈছিল কনমানিটি ।

তাৰ পাচতে পৰিয়ালটোৰ মাজত সৃষ্টি হৈছিল এক হুলস্থূলীয়া পৰিৱেশৰ ৷ পৰৱৰ্তী সময়ত ঘটনা সন্দৰ্ভত অৱগত কৰা হৈছিল আৰক্ষীক ৷ আনকি ভাংনামাৰী আৰক্ষীয়ে ঘটনাটো গুৰুত্ব সহকাৰে লৈ তদন্ত আৰম্ভ কৰিছিল যদিও নিৰুদ্দেশ হোৱা শিশুটিৰ কোনো সম্ভেদ লাভ কৰা নাছিল ৷

ইফালে এই ঘটনাৰ ২৪ ঘন্টাৰ অন্তত দেওবাৰে বিয়লিৰ ভাগত নলবাৰী ঘগ্ৰাপাৰ থানাৰ ওচৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত জংঘলৰ মাজত মোনাত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ হয় নিৰুদ্দেশ হৈ থকা চাৰিমহীয়া কণমানিটো । ঘগ্ৰাপাৰৰ সচেতন যুৱক নাচিকুৰ ৰহমানে ঘাইপথেৰে খোজ কাঢ়ি গৈ থাকোতে ঘগ্ৰাপাৰ থানাৰ সন্মুখত জংঘলৰ মাজত মোনাত ভৰাই থোৱা অৱস্থাত প্ৰত্যক্ষ কৰিছিল কণমানিটিক ।

নাচিকুৰে লগে লগে ঘগ্ৰাপাৰ আৰক্ষীক অৱগত কৰে ৷ তাৰ পাচত আৰক্ষীৰ সহায়ত উদ্ধাৰ কৰা হয় কণমানিটিক । আৰক্ষীয়ে উদ্ধাৰ কৰি কণমানিটিক হাস্পতাললৈ নি স্বাস্থ্য পৰীক্ষা কৰোৱা হয় । স্বাস্থ্য পৰীক্ষাৰ অন্তত ঘগ্ৰাপাৰ আৰক্ষীয়ে ভাংনামাৰী আৰক্ষীক খবৰ দিয়া হয় ৷

পাচত ভাংনামাৰী আৰক্ষীয়ে শিশুটিৰ পৰিয়ালক খবৰ দিয়ে ৷ খবৰ পোৱাৰ মাত্ৰে আৰক্ষীৰ সৈতে শিশুটিৰ পৰিয়ালৰ লোক উপস্থিত হয় নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ৷ পাচত আৰক্ষীয়ে উক্ত পৰিয়ালটোক চমজাই দিয়ে উদ্ধাৰ হোৱা শিশুটিক (Rescue baby handover to his family in Nalbari)৷

লগতে পঢ়ক : A Baby Rescue At Ghograpar: ঘগ্ৰাপাৰত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত কণমানি শিশু উদ্ধাৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.