ETV Bharat / state

নলবাৰীত পথ সুৰক্ষা দিৱস পালন

author img

By

Published : Feb 4, 2021, 8:54 PM IST

পথ সুৰক্ষা সজাগতাৰ বাবে ওলাই আহিল শতাধিক মহিলা । নলবাৰীৰ অসম ৰাজ্যিক পৰিবহণ বিষয়াৰ কাৰ্যালয়ত জিলা পৰিবহণ বিষয়া সীমান্ত বৰাৰ উদ্যোগত এক পথ সজাগতা সভাৰ আয়োজন কৰা হয় ।

নলবাৰীত পথ সুৰক্ষা দিৱস পালন
নলবাৰীত পথ সুৰক্ষা দিৱস পালন

নলবাৰী, ৪ ফেব্ৰুৱাৰী: ৰাজ্যৰ পৰিবহন বিভাগৰ উদ্যোগত অনুষ্ঠিত ১৮ জানুৱাৰীৰ পৰা ১৭ ফেব্ৰুৱাৰীলৈ ৩২ তম ৰাষ্ট্রীয় পথ সুৰক্ষা দিৱসৰ লগত সংগতি ৰাখি নলবাৰীতো পালন কৰা হয় এই দিৱস । বৃহস্পতিবাৰে নলবাৰীৰ অসম ৰাজ্যিক পৰিবহন বিষয়াৰ কাৰ্যালয়ত জিলা পৰিবহণ বিষয়া সীমান্ত বৰাৰ উদ্যোগত এক পথ সজাগতা সভাৰ আয়োজন কৰা হয় ।

নলবাৰীত পথ সুৰক্ষা দিৱস পালন

শতাধিক যুৱতীৰ সহযোগত নলবাৰী চহৰৰ মাজ মজিয়াৰে এক সজাগতামূলক দুচকীয়া বাহনৰ এক ৰেলী প্ৰদৰ্শনো কৰা হয় । ৩২ তম ৰাষ্ট্রীয় পথ সুৰক্ষা দিৱসত জিলা উপায়ুক্ত,আৰক্ষী অধীক্ষক, জিলা মুখ্য কাৰ্যবাহী বিষয়াৰ লগতে বহু বিশিষ্ট ব্যক্তি সভাত উপস্থিত থাকে । উল্লেখ্য যে, সঘনাই সংঘটিত হৈ থকা পথ দুৰ্ঘটনাসমূহ ৰোধ কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে পৰিৱহন বিভাগে ।

লগতে পঢ়ক:মৰাণত ভূমি পট্টা বিতৰণ কৰিলে মন্ত্ৰী যোগেন মহনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.