নলবাৰী, ২২ জুন : শুকুৰবাৰে নলবাৰীত গণকন্ঠৰ ২৩ তম কেন্দ্ৰীয় ৰাভা দিৱসত নলবাৰীৰ কেইবাগৰাকীও সাংবাদিকক বঁটা প্ৰদান কৰা হয় । নলবাৰীৰ বালিলেচাস্থিত শ্ৰী শ্ৰী কালী দেৱালয়ৰ প্ৰাংগণত এই বঁটা প্ৰদান কৰে নলবাৰীৰ গণকন্ঠৰ সভাপতি বসন্ত দাস আৰু সম্পাদক সুনীল কুমাৰ দাসে ।
নলবাৰীৰ শ্ৰেষ্ঠ সাংবাদিক বঁটা লাভ কৰে এখন দৈনিক বাতৰি কাকতৰ জেষ্ঠ সাংবাদিক কমলেশ শৰ্মা, সাংবাদিক শ্বাহ আলম আহমেদ আৰু সাংবাদিক কিশোৰ কুমাৰ কলিতাই। ইফালে নিষ্ঠাবান সাংবাদিকৰ বঁটা লাভ কৰে এটা ব্যক্তিগত চেনেলৰ নলবাৰীৰ সাংবাদিক ত্ৰিদীপ কলিতাই। আনহাতে শ্ৰেষ্ঠ সমাজকৰ্মীৰ বঁটা লাভ কৰে শান্তি নিবাস অনাথ আশ্ৰমৰ স্বত্বাধিকাৰী সাংবাদিক মজিবুৰ ৰহমানে। আৰু শ্ৰেষ্ঠ কেমেৰামেন বঁটা লাভ কৰে নলবাৰীৰ কেমেৰাপাৰ্চন কৃষ্ণ ডেকাই । উল্লেখ্য যে এই বঁটা প্ৰদান অনুষ্ঠানত নৰ্থ ইষ্ট কেন্সাৰ ইনষ্টিটিউটৰ অধ্যক্ষ গণেশ তামুলী আৰু নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকাৰ লগতে বিভিন্ন জন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।