নলবাৰী, 12 মাৰ্চ: মাৰ যোৱা নাই নলবাৰীৰ মদাহী দৰাৰ বিতৰ্ক ৷ সুৰাৰ ৰাগীত মাতাল হৈ হোমৰ গুৰিত শুই পৰাৰ প্ৰসেনজিতৰ সৈতে বিয়া নোহোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল কইনাই ৷ কিন্তু এই বিতৰ্ক তুংগত উঠাত আত্মপক্ষ সমৰ্থনত নামি পৰিছে দৰা আৰু কইনা পক্ষ (Nalbari drunk groom) ৷
আত্মপক্ষ সমৰ্থন কৰি দৰাই প্ৰসেনজিতে সংবাদ মাধ্যমৰ আগত নিজৰ এঞ্জাইটি থকা বুলি উল্লেখ কৰিছিল ৷ সেই এঞ্জাইটিৰ বাবেহে হেনো প্ৰসেনজিতে হোমৰ গুৰিত বহি থাকিব নোৱাৰিলে ৷ কিন্তু প্ৰসেনজিতৰ এই মন্তব্যৰ পাচত এতিয়া মুখ খুলিছে কইনাই ৷ হ’ব লগা স্বামীৰ এঞ্জাইটি থকা বুলি গম নাপাওঁ বুলি মন্তব্য কৰিছে কইনাই ৷ কইনাৰ সুৰতে সুৰ মিলাই নিজৰ স্থিতিত থাকি আত্মপক্ষ সমপৰ্থনৰ প্ৰচেষ্টা চলাইছে কইনাৰ পৰিয়ালে ৷ মুঠৰ ওপৰত এতিয়া হাঁহিয়াতৰ পাত্ৰ হৈ পৰিছে দৰা আৰু কইনা উভয় পক্ষ (Bride call off weeding in Nalbari) ৷
উল্লেখ্য যে, হোমৰ গুৰিত ঢলি পৰা দৰাই চেন্নাইস্থিত এপ'লো হাস্পতালত চিকিৎসা কৰি থকা বুলিও মন্তব্য কৰিছিল ৷ এই সকলোবোৰ কথা বিয়াৰ পূৰ্বে দৰা প্ৰসেনজিতে কইনাক অৱগত কৰা বুলি কোৱা কথা নস্যাৎ কৰিছে কইনাই (Nalbari Drunk groom controversy)।
দেওবাৰে সংবাদ মাধ্যমৰ আগত মুখ খুলিছে কইনাই । কইনাই দৰাৰ বেমাৰৰ কথা একো নাজানো বুলি উল্লেখ কৰিছে সংবাদ মাধ্যমৰ আগত ৷ এঞ্জাইটি থকাৰ কথা প্ৰসেনজিতে কোনোদিনে অৱগত কৰা নাছিল বুলি উল্লেখ কৰিছে কইনাই ৷ কইনাৰ মতে দিনটো সুকলমে বিয়াখন পাৰ পোৱাৰ পাচত মদৰ ৰাগীত নিশা প্ৰসেনজিতে দৰা সাজি আহিছিল (Assam drunk groom incident) ৷
প্ৰসেনজিতে মদ্যপান কৰি আহি কইনাৰ চোতালত অভদ্ৰামী কৰাৰ বুলিও অভিযোগ কইনাৰ । লগেত কয়, ‘‘আমাৰ কোনোৱে দৰাক হাত উঠোৱা নাছিল, কোনো ধৰণৰ গহনা কাঢ়ি নিয়া নাছিল আৰু কোনেও দৰাক আক্ৰমণ কৰা নাছিল ৷’’ দৰা পক্ষই নিজক বচাবলৈ এইবোৰ সকলো মিছা মতা বুলি অভিযোগ কইনাৰ ৷ আনকি পুৰোহিতে মন্ত্ৰ মাতিলে দৰাই মদৰ নিচাত মুখেৰে বেলেগ কিবাহে উচ্চাৰণ কৰাৰ অভিযোগ কইনাৰ ৷’’
কইনাই স্পষ্টভাৱে পুনৰ মদাহী দৰাৰ লগত মই আৰু বিয়া নহওঁ বুলি উল্লেখ কৰে ৷ আনহাতে দৰাৰ ওপৰত আক্ৰমণ কৰাৰ অভিযোগৰ ভিত্তিত কইনাৰ দেউতাকেও সকলো নস্যাৎ কৰে ৷ কইনাৰ দেউতাকে কয়, ‘‘মই সেইখিনি সময়ত মূৰ্চা গৈছিলো, চোতালত কি পৰিৱেশৰ সৃষ্টি হৈছিল মই একো গম নাপাওঁ, তেওঁলোকে মদ্যপান কৰি আহি ঘৰৰ চোতালত অভদ্ৰামী কৰিছিল ৷’’
দৰাই অত্যাধিক মদ্যপান কৰি আহি নিচাতে বাগৰি বাগৰি পৰিছিল বুলি অভিযোগ কৰি তেনে ল’ৰাৰ লগত মোৰ ছোৱালী বিয়া নিদিওঁ বুলি উল্লেখ কৰে কইনাৰ পিতৃয়ে ৷ জোৰোণত দিয়া সামগ্ৰীসমূহো ঘূৰাই দিয়া হ’ব বুলি মন্তব্য কইনাৰ পিতৃৰ ৷ ইফালে দৰা পক্ষই আইনৰ কাষ চপাত কইনা ঘৰে ইতিমধ্যেই আইনৰ দাৰস্থ হোৱা বুলি মন্তব্য কৰে কইনাৰ পিতৃয়ে (Groom sleep at weeding) ৷
মুঠৰ ওপৰত এতিয়া অভিযোগ-প্ৰতিঅভিযোগত নামি পৰিছে দৰা আৰু কইনা পক্ষ আৰু একাংশই দূৰৈৰ পৰাই ৰং চাই লৈ আছে আমোদ ৷
লগতে পঢ়ক: Nalbari drunk groom: ঢলং-পলং দৰা বাগৰি পৰিল হোমৰ গুৰিত; বিয়া ভংগ