ETV Bharat / state

ইটিভি ভাৰতৰ প্ৰভাৱঃ নলবাৰীত নাটকীয়ভাৱে তৎপৰ গড়কাপ্তানি বিভাগ - নলবাৰী

সোমবাৰে ঠিকাদাৰে মুখ ঢাকিবলৈ পুৱাৰে পৰা টেক্টৰ-জেচিবি আদি লগাই শিল-বালি ঢালি পথচোৱা মেৰামতিৰ নাটক ৰচে ৷

নলবাৰীত নাটকীয়ভাৱে তৎপৰ গড়কাপ্তানি বিভাগ
author img

By

Published : Jun 10, 2019, 11:16 PM IST

নলবাৰী, 10 জুনঃ অৱশেষত ইটিভি ভাৰত অসমৰ বাতৰিৰ পিছতে গা লৰিল নলবাৰী জিলা গড়কাপ্তানি বিভাগৰ ৷ উল্লেখযোগ্য যে, নলবাৰী চহৰৰ বৰকুৰা চ'কৰ পৰা ইণ্ডাষ্ট্ৰী চ’ক হৈ গোপাল বজাৰ সংযোগী জৰাজীৰ্ণ পথচোৱাৰ সন্দৰ্ভত ইটিভি ভাৰত অসমত বাতৰি সম্প্ৰচাৰ কৰা হয় ৷ তাৰ পিচতে গড়কাপ্তানি বিভাগৰ পৰা পথচোৱা নিৰ্মাণৰ বাবে চৰকাৰে প্ৰায় কোটি টকা আৱন্টন দিয়ে ৷ কিন্তু নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাৰ অতি ঘনিষ্ঠ আৰু আশীৰ্বাদপুষ্ট ঠিকাদাৰ জ্যোতিপ্ৰসাদ বৈশ্যই নিজ খেয়ালখুছি আৰু মইমতালিৰে পথচোৱা নিৰ্মাণ কৰাৰ বাবেই ছয়মাহ পিছৰ পৰা পথটো জহিখহি যোৱাৰ অভিযোগ ৰাইজৰ ৷

নলবাৰীত নাটকীয়ভাৱে তৎপৰ গড়কাপ্তানি বিভাগ

এই সন্দৰ্ভত ই টিভি ভাৰত অসমত দেওবাৰে বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই পথচোৱা মেৰামতিৰ কামত নাটকীয়ভাৱে তৎপৰ গড়কাপ্তানি বিভাগ ৷ সোমবাৰে ঠিকাদাৰে মুখ ঢাকিবলৈ পুৱাৰে পৰা টেক্টৰ-জেচিবি আদি লগাই শিল-বালি ঢালি পথচোৱা মেৰামতিৰ নাটক ৰচে ৷

Slug=etv bharat Impact...10Jun...
Story ftp

Anchor= ইটিভি ভাৰত অসমৰ বাতৰিৰ প্ৰভাৱ৷অৱশেষত ইটিভি  ভাৰত অসমৰ  বাতৰিৰ পিছতে গা লৰিল নলবাৰী জিলা গড়কাপ্তানি বিভাগৰ৷উল্লেখযোগ্য যে নলবাৰী চহৰৰ বৰকুৰা চকৰ পৰা ইণ্ডাষ্ট্ৰী চ’ক হৈ গোপাল বজাৰ সংযোগী পথচোৱাৰ জৰাজীৰ্ণ ৰূপৰ সন্দৰ্ভত আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ৷গড়কাপ্তানি বিভাগৰ পৰা প্ৰায় কোটি টকা আৱন্তন হৈছিল পথচোৱা নিৰ্মাণৰ বাবে৷আৰু এই নিৰ্মাণৰ ঠিকা লাভ কৰিছিল নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাৰ অতি ঘনিষ্ঠ আৰু আশীৰ্বাদপুষ্ট ঠিকাদাৰ জ্যোতিপ্ৰসাদ বৈশ্যই৷সেয়ে নিজ খেয়ালখুছি মতে নিজ মইমতালিৰে পথচোৱা নিৰ্মাণ কৰাৰ বাবেই ছয় মাহ পিছৰ পৰা পথটো জহিখহি গৈছে৷এই সন্দৰ্ভত আমি দেওবাৰে বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ আৰু বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই সৃষ্টি হৈছিল প্ৰতিক্ৰিয়া৷আনহাতে,আজি উক্ত পথচোৱাৰে মুখ্যমন্ত্ৰী সোণোৱাল সৰ্থেবাৰীলৈ যাব কিন্তু পথচোৱাৰ এনে জৰাজীৰ্ণ ৰূপ সন্দৰ্ভত দেওবাৰে বাতৰি সম্প্ৰচাৰ হোৱাত বিভাগটোৰ লগতে ঠিকাদাৰে মুখ ঢাকিবলৈ ৰাতিপুৱাৰে পৰা টেক্টৰ-জেচিবি আদি লগাই শিল-বালি ঢালি পথচোৱা মেৰামতিৰ নাটক ৰচে৷আৰু এতিয়া নলবাৰীত এনেদৰে চলিছে জিলা গড়কাপ্তানি বিভাগ৷বিধায়ক তথা মন্ত্ৰীৰ আশীৰ্বাদ পালে পথ নিৰ্মাণৰ নামত ঠিকাদাৰে পাতিব পাৰে চৰকাৰী ধনৰ শ্ৰাদ্ধ৷

কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.