ETV Bharat / state

নলবাৰীত যৌতুকৰ বাবে বোৱাৰীক হত্যাৰ সন্দেহ - বোৱাৰী হত্যা

যৌতুকৰ বাবে বোৱাৰীক নিৰ্যাতন কৰি হত্যা নলবাৰীত ৷ আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা স্বামীগৃহৰ ৷ পিতৃগৃহৰ অভিযোগ,এয়া এক পৰিকল্পিত হত্যাকাণ্ড ৷

নলবাৰীত যৌতুকৰ বাবে বোৱাৰীক হত্যা
author img

By

Published : Aug 2, 2019, 5:18 PM IST

নলবাৰী, 2 আগষ্টঃ ৰাজ্যত পুনৰ বোৱাৰীক হত্যা ৷ নলবাৰী এলেঙ্গী অঞ্চলত বৃহস্পতিবাৰে এগৰাকী ৱোৱাৰীৰ ৰহস্যজনক মৃত্যুৱে সৃষ্টি কৰিছে ৰহস্যৰ ৷ এতিয়াও নিশ্চিত নহয় আত্মহত্যা নে পৰিকল্পিত হত্যাকাণ্ড ৷ শুৱালকুছিৰ পিতৃগৃহৰ অভিযোগ এয়া এক পৰিকল্পিত হত্যাকাণ্ড,স্বামী গৃহৰ মতে এয়া আত্মহত্যা ৷ ঘটনাৰ বিৱৰণী মতে,শুৱালকুছিৰ জোস্না কুমাৰী নামৰ এগৰাকী ছোৱালীয়ে দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত দুয়োখন ঘৰৰ সন্মতি ক্ৰমে ২০১৮ চনৰ মাৰ্চ মাহৰ ৭ তাৰিখে যুগ্ম জীৱনৰ পাতনি মেলিছিল নলবাৰীৰ এলেঙ্গী অঞ্চলৰ নৱ তালুকদাৰ নামৰ যুৱকজনৰ সৈতে ৷ কিন্তু বিয়াৰ পিছৰে পৰা কেইবাবাৰো শহুৰ পৰিয়ালে যৌতুক বিচাৰি ৱোৱাৰী জোস্নাৰ ওপৰত চলাইছিল শাৰীৰিক-মানসিক অত্যাচাৰ ৷ অৱশেষত অত্যাচাৰে চৰমসীমা অতিক্ৰম কৰাত বৃহস্পতিবাৰে জোস্নাই আত্মহত্যা কৰা বুলি খবৰ দিয়ে পিতৃগৃহক ৷

নলবাৰীত যৌতুকৰ বাবে বোৱাৰীক হত্যা

ইয়াৰ পিচতে জোস্নাৰ মৃতদেহ পিতৃগৃহৰ লোক আহি পোৱাৰ আগতেই মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ মৰ্গলৈ যোৱা হয় ৷ ইফালে সমগ্ৰ ঘটনাটোৰ উচিত তদন্তৰ লগতে হত্যাকাৰীৰ কঠোৰ শাস্তি বিচাৰি মাতৃ পৰিয়ালে নিশাই নলবাৰী সদৰ থানাত দাখিল কৰিছে এখন এজাহাৰ ৷ পিছে আৰক্ষীৰ তদন্ততহে স্পষ্ট হব এয়া প্ৰকৃততে আত্মহত্যা নে হত্যাকাণ্ড !

Intro:Slug=Suspected Murder...2Aug..

#আত্মহত্যা নে পৰিকল্পিত হত্যাকাণ্ড#
#ৱোৱাৰীৰ ৰহস্যজনক মৃত্যুৱে সৃষ্টি কৰিছে ৰহস্যৰ #
#স্বামী পৰিয়ালে হত্যা কৰাৰ অভিযোগ মাতৃগৃহৰ#
#পূৰ্বতেও যৌতুক বিচাৰি নিৰ্যাতন চলোৱাৰ অভিযোগBody:উল্লেখযোগ্য যে ২০১৮ চনৰ মাৰ্চ মাহৰ ৭ তাৰিখে নলবাৰী এলেঙ্গী দলৰ নৱ তালুকদাৰ নামৰ এইগৰাকী যুৱকৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল শুৱালকুছিৰ জোস্না কুমাৰী নামৰ এইগৰাকী ছোৱালীয়ে৷দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত দুয়োখন ঘৰৰ সন্মতি ক্ৰমে যুগ্ম জীৱনৰ পাতনি মেলিছিল এই দুই দম্পতীয়ে৷কিন্তু বিয়াৰ পিছৰে পৰা কেইবাবাৰো শহুৰ পৰিয়ালে যৌতুক বিছাৰি ৱোৱাৰী জোস্নাৰ ওপৰত চলাইছিল শাৰীৰিক-মানসিক অত্যাচাৰ৷অৱশেষত অত্যাচাৰে হয়তো চৰমসীমা অতিক্ৰম কৰাত বৃহস্পতিবাৰে সংঘটিত হ’ল ভয়ংকৰ ঘটনাটো৷বিগত কিছুদিন ধৰি মাকৰ ঘৰত থাকি বৃহস্পতিবাৰে ৰাতিপুৱাৰ ভাগত পিতৃ ভগৱান কুমাৰৰ সৈতে জোস্না আহিছিল শহুৰৰ ঘৰলৈ৷জীয়ৰী জোস্নাক স্মামীগৃহত থৈ আবেলিকৈ পিতৃ পাইছিলগৈ শুৱালকুছি৷কিন্তু সন্ধিয়াৰ ভাগত পিতৃগৃহলৈ আহিল জোস্নাই আত্মহত্যা কৰাৰ খবৰ৷স্বামী নৱ তালুকদাৰে জোস্নাৰ বায়েকক নাভূত-নাশ্ৰুত খবৰটো দিয়ে কৰিলে মোবাইল অফ৷তাৰ পিছতে শুৱালকুছিৰ ঘৰখনত লাগিল হুৱাদুৱা৷দৌৰাদৌৰিকৈ মাতৃগৃহৰ লোক উপস্থিত হ’ল নলবাৰীত৷কিন্তু তেতিয়ালৈকে জোস্নাৰ মৃতদেহ স্বামীগৃহয় মৰনোত্তৰ পৰীক্ষাৰ বাবে ভৰাই দিছিল নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ মৰ্গত৷যাক লৈ ক্ষোভিত মাতৃগৃহৰ পৰিয়াল৷মাতৃগৃহৰ অভিযোগ-এয়া কেতিয়াও আত্মহত্যা হব নোৱাৰে!এয়া এক পৰিকল্পিত হত্যাকাণ্ডহে!সদায় হাঁহি-ধেমালিৰে থকা জোস্নাই কেতিয়াও আত্মহত্যা কৰিব নোৱাৰে৷যাৰ বাবে মাতৃপক্ষ উপস্থিত হোৱাৰ পূৰ্বেই মৃতদেহ চিকিৎসালয়ৰ মৰ্গত ৰাখি গাপ দিব বিচৰা হৈছে প্ৰকৃত ঘটনা৷বুকুত অযুত সপোন লৈ প্ৰায় ডেৰ বছৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হোৱা জোস্নাই কৰা নাই আত্মহত্যা!স্বামী,শহুৰ-শাশুৱে লগ হৈ পৰিকল্পিত ভাৱে হত্যা কৰিলে জোস্নাক৷স্বামী নৱ তালুকদাৰ,শহুৰ বিচিত্ৰ তালুকদাৰ আৰু শাহুৱেকৰ বিৰুদ্ধে হত্যাৰ অভিযোগৰ আঙুলি জোস্নাৰ মাতৃ পৰিয়ালৰ৷সমগ্ৰ ঘটনাটোৰ উচিত তদন্তৰ লগতে হত্যাকাৰীৰ কঠোৰ শাস্তি বিচাৰি মাতৃ পৰিয়ালে নিশাই নলবাৰী সদৰ থানাত দাখিল কৰিছে এখন এজাহাৰ৷পিছে আৰক্ষীৰ তদন্ততহে স্পষ্ট হব এয়া প্ৰকৃততে আত্মহত্যা নে হত্যাকাণ্ড৷

বাইট=মাতৃ+বায়েক+পিতৃ৷Conclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.