বৰপেটা/কলিয়াবৰ: ৰাজ্যত আৰম্ভ হৈছে নতুন ৰেচন কাৰ্ড বিতৰণৰ তৃতীয় পৰ্যায়ৰ কাৰ্যসূচী । মন্ত্ৰী-বিধায়কসকলে প্ৰান্তে প্ৰান্তে গৈ হিতাধিকাৰীৰ মাজত বিতৰণ কৰিছে ৰেচন কাৰ্ড । শনিবাৰে বৰপেটা আৰু কলিয়াবৰত ক্ৰমে মন্ত্ৰী নন্দিতা গাৰ্লোচা আৰু মন্ত্ৰী কেশৱ মহন্তই বিতাধিকাৰীৰ মাজত বিতৰণ কৰে ৰেচন কাৰ্ড । ভাষণত ক'লে ৰেচন কাৰ্ডৰ সা-সুবিধাৰ কথা ।
বৰপেটাত ৰেচন কাৰ্ড বিতৰণ নন্দিতা গাৰ্লোচাৰ:
ভাৰত চৰকাৰৰ খাদ্য সুৰক্ষা আচনিৰ অধীনত শনিবাৰৰ পৰা বৰপেটা জিলাৰ চাৰিটা বিধানসভা সমষ্টিৰ বাবে নতুনকৈ আৱণ্টিত ৰেচন কাৰ্ডসমূহৰ বিতৰণ প্ৰক্ৰিয়া আৰম্ভ কৰা হয় । ইয়াৰে বৰপেটা বিধানসভা সমষ্টিৰ বিতৰণ প্ৰক্ৰিয়া বৰপেটাৰ ছায়াৰাম ছোৱালী শিক্ষানুষ্ঠান খেলপথাৰত আয়োজিত এখন ৰাজহুৱা সভাৰ জৰিয়তে আৰম্ভ কৰা হয় । এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী নন্দিতা গাৰ্লোচা ।
বৰপেটা সমষ্টিত নতুনকৈ ৩,৩৬১ গৰাকী হিতাধিকাৰীক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব । মন্ত্ৰী গাৰ্লোচাই প্ৰতীকী ৰূপত মঞ্চত কেইবাগৰৰাকী হিতাধিকাৰীক নতুন ৰেচন কাৰ্ড প্ৰদান কৰি জিলাখনত কাৰ্ড বিতৰণ প্ৰক্ৰিয়াৰ সূচনা কৰে । ইয়াৰ পাছতে ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে ৰেচন কাৰ্ডৰ জৰিয়তে দুখীয়া পৰিয়ালবোৰে কি কি সুবিধা লাভ কৰিব পাৰিব তাৰ বাখ্যা আগবঢ়ায় ।
তেওঁ কয়, "কাৰ্ড থকাৰ ফলত হিতাধিকাৰীয়ে বছৰি পাঁচ লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব । তদুপৰি অসম চৰকাৰৰ অৰুণোদয় আঁচনিৰ সুবিধাও ভোগ কৰিব পাৰিব । যদি কোনো চৰকাৰী চাকৰি কৰি থকা লোকে ৰেচন কাৰ্ডৰ সুবিধা ভোগ কৰি আছে , তেন্তে তেওঁলোকে কাৰ্ড প্ৰত্যাহাৰ কৰক । কাৰণ তাৰ বিনিময়ত আন এটা দুখীয়া পৰিয়ালক এই সুবিধা প্ৰদান কৰিব পৰা যাব ।" লগতে মন্ত্ৰীগৰাকীয়ে ৰেচন কাৰ্ডৰ দোকানীয়ে পাঁচ কেজিতকৈ কম চাউল দিলে জিলা আয়ুক্তক অভিযোগ দিবলৈ ৰাইজক আহ্বান জনায় ।
নতুন বছৰৰ শুভেচ্ছাৰে কলিয়াবৰত ৰেচন কাৰ্ড বিতৰণ কেশৱ মহন্তৰ:
"কলিয়াবৰত যাতে এজনো ভিক্ষাৰী নাথাকে তাৰ ব্যৱস্থা কৰা হৈছে ।" শনিবাৰে কলিয়াবৰ বিধানসভা সমষ্টিত তৃতীয় পৰ্যায়ৰ ৰেচন কাৰ্ড বিতৰণৰ কৰি এই মত প্ৰকাশ কৰে মন্ত্ৰী কেশৱ মহন্তই । কলিয়াবৰ বিধানসভা সমষ্টিত নতুনকৈ সংযোজিত নতুন হিতাধিকাৰীৰ সংখ্যা ১৮,৬১২ । উপকৃত হোৱা মুঠ পৰিয়ালৰ সংখ্যা ৩,২৩৮টা । কলিয়াবৰৰ ২২ টা পঞ্চায়তৰ হিতাধিকাৰীসকলক কলিয়াবৰৰ নলতলীস্থিত ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত এই অনুষ্ঠানত ৰেচন কাৰ্ড বিতৰণৰ কৰা হয় ।
৫৭ নং কলিয়াবৰ বিধানসভা সমষ্টিৰ তৃতীয় পৰ্যায়ৰ ৰেচন কাৰ্ড বিতৰণৰ সভাত ৰেচন কাৰ্ড বিতৰণৰ সভাত উপস্থিত থাকি ৰাজ্যৰ ৰাজহ, দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক কেশৱ মহন্তই ভাষণ প্ৰসংগত কয়, "ইংৰাজী নতুন বছৰৰ শুভেচ্ছাৰে ৰাজ্যত বিতৰণ কৰা ৰেচন কাৰ্ডখন চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা নতুন বছৰৰ বছৰৰ শুভেচ্ছা পত্ৰ । এই ৰেচন কাৰ্ডৰ জৰিয়তে প্ৰতি পৰিয়ালে পাঁচ লাখ টকাৰ স্বাস্থ্য বীমা লাভ কৰিব । এই কাৰ্ডৰ জৰিয়তে 'অৰুণোদয়'ৰ সুবিধা লাভ কৰাতো সুবিধা লাভ কৰিব । লগতে ভৱিষ্যতে আন-আন চৰকাৰী সুবিধা লাভ কৰিব ।"
তেওঁ লগতে কয়, "এইখন চৰকাৰৰ দিনত নিম্ন শ্ৰেণীৰ পৰা বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন পৰ্যায়ৰ সা-সুবিধা লাভ কৰি আছে । কৃষকসকলেও কিষাণ সন্মান নিধিৰ সুবিধা লাভ কৰিছে । শিক্ষিত যুৱক-যুৱতীসকলেও চৰকাৰীভাৱে সুবিধা লাভ কৰিছে । এই চৰকাৰখনে সকলো স্তৰৰ সকলো লোকৰে উন্নয়নৰ কাৰ্যত আৰম্ভণিৰে পৰা অগ্ৰসৰ হৈছে ।"