ETV Bharat / state

নলবাৰীত জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ বিশেষ কৃতজ্ঞতা অনুষ্ঠান - Special programme Asom Jatiyatabadi Yuba Chatra Parishad in Nalbari

১৯৮৫ চনৰ ১৪ আগষ্টত কামৰূপ জিলাৰ পৰা খণ্ডিত কৰি নলবাৰীক পূৰ্ণাংগ জিলা হিচাপে প্ৰদান কৰা হৈছিল স্বীকৃতি । নলবাৰী জিলা গঠনৰ অন্যতম খনিকৰ প্ৰভাত নাৰায়ণ চৌধুৰী আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মনলৈ নলবাৰী জিলা গঠনৰ ৩৭ তম বৰ্ষপুৰ্তি উপলক্ষে মৰণোত্তৰ ভাবে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জ্ঞাপন কৰে বিশেষ কৃতজ্ঞতা(Special programme Asom Jatiyatabadi Yuba Chatra Parishad in Nalbari) ।

Asom Jatiyatabadi Yuba Chatra Parishad
নলবাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ বিশেষ কৃতজ্ঞতা
author img

By

Published : Aug 14, 2022, 6:45 PM IST

নলবাৰী, ১৪ আগষ্ট:নলবাৰী জিলা গঠনৰ অন্যতম খনিকৰ ,আধুনিক নলবাৰীৰ নিৰ্মাতা,লোকসেৱক প্ৰভাত নাৰায়ণ চৌধুৰী আৰু নলবাৰী জিলা গঠনৰ ৰূপকাৰ,অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মনলৈ নলবাৰী জিলা গঠনৰ ৩৭ সংখ্যক বৰ্ষপুৰ্তি উপলক্ষে মৰণোত্তৰ ভাবে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰে(Asom Jatiyatabadi Yuba Chatra Parishad)। ১৯৮৫ চনৰ ১৪ আগষ্টত কামৰূপ জিলাৰ পৰা খণ্ডিত কৰি নলবাৰীক পূৰ্ণাংগ জিলা হিচাপে প্ৰদান কৰা হৈছিল স্বীকৃতি । সেই বাবে নলবাৰী জিলা গঠনৰ আঁৰৰ দুই ব্যক্তি প্ৰভাত নাৰায়ণ চৌধুৰী আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মনক মৰোণোত্তৰ ভাৱে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কৃতজ্ঞতা জ্ঞাপন কৰে ।

নলবাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ বিশেষ কৃতজ্ঞতা

উক্ত কাৰ্যসূচীৰ অংশ হিচাপে সংগঠনটোৰ বিষয়ববীয়া কৰ্মকৰ্তা সকলে প্ৰভাত নাৰায়ণ চৌধুৰীৰ নলবাৰী চহৰস্থ বাসভৱনলৈ পৰিয়ালৰ লোকক মানপত্ৰ,ফুলাম গামোচা আদিৰে কৃতজ্ঞতা প্ৰকাশ কৰে । লগতে প্ৰয়াত চৌধুৰীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি নিবেদন কৰে । আনহাতে ইয়াৰ পিছতে সংগঠনটোৰ নেতৃত্বই ৰাজ্যৰ প্ৰয়াত মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মনৰ বেলশৰস্থিত গৃহত উপস্থিত হৈ পৰিয়ালৰ লোকক মানপত্ৰ,ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই কৃতজ্ঞতা প্ৰকাশ কৰে । তদুপৰি সংগঠনটোৰ নেতৃত্বই তেওঁ‌ৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি নিবেদন কৰে ।

লগতে পঢ়ক:স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বিহালীত AJYPৰ ব্যতিক্ৰমী পদক্ষেপ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.