ETV Bharat / state

Corruption allegation: গুৰু-গোঁসাই নমনা প্ৰধান শিক্ষকৰ বিৰুদ্ধে ক্ষোভ অভিভাৱকৰ

author img

By

Published : Jan 5, 2023, 10:15 PM IST

প্ৰধান শিক্ষকৰ কৰ্ম-কাণ্ডই জলা-কলা খুৱাইছে এখন বিদ্যালয়ৰ পৰিচালনা সমিতি আৰু অভিভাৱকক ৷ নিজ খেয়াল খুচি মতে কাম কৰা প্ৰধান শিক্ষকজনে বিদ্যালয়ৰ বাবে আৱন্টিত ধনৰ ব্যপক কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ ৷ পিচে সকলো অভিযোগ নস্যাৎ কৰিছে প্ৰধান শিক্ষকজনে(Allegation of embezzlement against head master) ৷

Allegation of Corruption
প্ৰধান শিক্ষকৰ বিৰুদ্ধে ক্ষোভ অভিভাৱকৰ
প্ৰধান শিক্ষকৰ বিৰুদ্ধে ক্ষোভ অভিভাৱকৰ

নলবাৰী, ৫ জানুৱাৰী: নলবাৰীৰ ১০৯৮ নং টেঙাবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে ধন আত্মসাৎৰ অভিযোগ । নলবাৰী জিলাৰ পশ্চিম নলবাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত ১০৯৮ নং প্ৰথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ওৱাহিদুৰ ৰহমানৰ বিৰুদ্ধে উঠিছে এই অভিযোগ । প্ৰধান শিক্ষকজনৰ বিৰুদ্ধে ছাত্র-ছাত্ৰীৰ ইউনিফৰ্মৰ নামত আৱন্টিত ধন আত্মসাৎৰ উপৰিও মধ্যহ্ন ভোজনৰ ধনো অবাধে খৰচ কৰাৰ অভিযোগ অভিভাৱক তথা বিদ্যালয় পৰিচালনা সমিতিৰ (Allegation of embezzlement against head master)।

চৰকাৰী সকলো নীতি নিয়ম অমান্য কৰি বিদ্যালয়খনত এক অৰাজক পৰিবেশ সৃষ্টি কৰাৰ অভিযোগত অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । ৰাইজৰ অভিযোগ অনুসৰি প্ৰধান শিক্ষক ওৱাহিদুৰ ৰহমানে ছাত্র-ছাত্ৰীৰ হতুৱাই বিদ্যালয়ৰ শৌচালয় পর্যন্ত পৰিস্কাৰ কৰোৱায় । প্ৰতিটো কামতেই স্থানীয় ৰাইজ, অভিভাৱক আনকি বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিকো আংগুষ্ঠ প্ৰদৰ্শন কৰি অহা ১০৯৮ নম্বৰ টেঙাবাৰী প্ৰাথমিক বিদ্যালয়ৰ এইগৰাকী প্ৰধান শিক্ষক ওৱাহিদুৰ ৰহমানক লৈ এতিয়া অসন্তুষ্ট হৈ পৰিছে স্থানীয় ৰাইজ তথা অভিভাৱক (Protest against Head master in Nalbari) ।

কণ কণ ছাত্ৰ-ছাত্ৰীৰ স্কুল ইউনিফৰ্ম যোগান, মধ্যাহ্ন ভোজন ধন, ছাত্ৰ-ছাত্ৰীৰ খেলা-ধূলাৰ সামগ্ৰীকে আদি কৰি সকলোতে দুৰ্নীতিৰ পোহাৰ মেলাৰ অভিযোগ এইগৰাকী প্ৰধান শিক্ষক ওৱাহিদুৰ ৰহমানৰ বিৰুদ্ধে । প্ৰধান শিক্ষকগৰাকীৰ এনে দুৰ্নীতিৰ বৃহস্পতিবাৰে বিৰুদ্ধে ওলাই আহিল গাঁওখনৰ সচেতন ব্যক্তিসকল (Scam in Nalbari school)।

উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে বিভিন্ন নীতি-নিয়ম প্ৰয়োগ কৰি শৈক্ষিক পৰিৱেশ উন্নত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ সময়তে এই বিদ্যালখনৰ প্ৰধান শিক্ষকগৰাকীয়ে নিজ খেয়াল খুচি মতে বিদ্যালয়ৰ কাম-কাজ চলাই শৈক্ষিক পৰিৱেশ নষ্ট কৰাৰ অভিযোগ ‌বিদ্যালয় পৰিচালনা সমিতি তথা অভিভাৱক সকলৰ । পৰিচালনা সমিতি আৰু অভিভাৱক সকলে এই অভিযোগ উত্থাপন কৰাত বিদ্যালয় পৰিদৰ্শন কৰা CRC গৰাকীয়েও উপস্থিত হৈ বুজ লয় পৰিস্থিতিৰ । আনহাতে এই অভিযোগ নস্যাৎ কৰে প্ৰধান শিক্ষক ওৱাহিদুৰ ৰহমানে ।

বৃহস্পতিবাৰে সাংবাদিকৰ আগত বিদ্যলয় পৰিচালনা সমিতিৰ সভাপতিয়ে প্ৰধান শিক্ষকজনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ৷ কাগজে-কলমে সকলো মিলি থাকিলেও কাৰ্যতঃ কোনো কামেই বিদ্যালয়খনত নোহোৱাৰ অভিযোগ সভাপতিগৰাকীৰ ৷ খেলা-ধূলাৰ সামগ্ৰী কিনা বুলি কাগজে-পত্ৰই দেখুৱালেও কিন্তু ছাত্ৰ-ছাত্ৰীয়ে আজিলৈকে সেই খেলৰ সামগ্ৰী লাভ কৰা নাই বুলি উল্লেখ কৰে সভাপতিজনে ৷ তাৰোপৰি হিচাপ পৰীক্ষণৰ নামতো ভূৱা লোকৰ চহীলৈ প্ৰধান শিক্ষকজনে ভয়ংকৰ জালিয়াতি কৰাৰ অভিযোগ উঠিছে ৷ শিক্ষা বিভাগক এই বিষয়ে বাৰম্বাৰ অভিযোগ দিয়াৰ পাচতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি সভাপতিজনে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: Formation of the State of Kamtapur; বিটিআৰৰ এক ইঞ্চিও মাটি এৰি দিয়া নহ’ব: দ্বীপেন বড়ো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.