ETV Bharat / state

Mission Basundhara 2 : মিচন বসুন্ধৰা 2 ত খিলঞ্জীয়া মুছলমানক প্ৰৱঞ্চনা কৰাৰ অভিযোগ - খিলঞ্জীয়া মুছলমানক প্ৰৱঞ্চনা কৰাৰ অভিযোগ

ৰাজ্যজুৰি মিছন বসুন্ধৰাৰ নামত খিলঞ্জীয়া মুছলমানক প্ৰৱঞ্চনা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে নলবাৰী কংগ্ৰেছ কমিটীয়ে ৷ জানক সবিশেষ...

Mission Basundhara 2
মিচন বসুন্ধৰা আঁচনিত খিলঞ্জীয়া মুছলমানক প্ৰৱঞ্চনা কৰাৰ গুৰুতৰ অভিযোগ
author img

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 11:25 AM IST

মিচন বসুন্ধৰা আঁচনিত খিলঞ্জীয়া মুছলমানক প্ৰৱঞ্চনা কৰাৰ গুৰুতৰ অভিযোগ

নলবাৰী, 27 অক্টোবৰ : "ৰাজ্যত খিলঞ্জীয়া গৰীয়া লোকসকল পক্ষপাতিত্বৰ স্বীকাৰ হৈছে নেকি ?" বৃহস্পতিবাৰে নলবাৰী ৰাজীৱ ভৱনত অনুষ্ঠিত কৰা এক সংবাদমেলত এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে নলবাৰী জিলা কংগ্ৰেছৰ সদস্যসকলে ।

এই সংবাদমেলত নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰী আৰু সাধাৰণ সম্পাদক দিব্যজ্যোতি হালৈয়ে খিলঞ্জীয়া মুছলমানসকলৰ অধিকাৰ সন্দৰ্ভত সৰৱ হৈ পৰে ৷ ৰাতুল পাটোৱাৰীয়ে অভিযোগ উত্থাপন কৰি কয় যে অসমৰ খিলঞ্জীয়া মুছলমান লোকসকল চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈছে । মিচন বসুন্ধৰা 2 ত বঞ্চনাৰ বলি হৈছে খিলঞ্জীয়া গৰীয়া লোকসকল ।

বৃহস্পতিবাৰে নলবাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত বসুন্ধৰা 2 ৰ এখন বিশেষ বৈঠক অনুষ্ঠিত হৈছিল । এই বৈঠকত বহু কেইটা ভূমিহীন পৰিয়ালে জনোৱা আবেদন অনুমোদন কৰা হৈছিল । এই বৈঠকত বৰভাগৰ খিলঞ্জীয়া মুছলমান লোকৰ আবেদন উত্থাপন কৰা হৈছিল যদিও মুছলমান হোৱা বাবেই ভূমিহীন পৰিয়ালকেইটাৰ আবেদন নাকচ কৰা বুলি অভিযোগ উত্থাপন কৰে ৰাতুল পাটোৱাৰীয়ে ।

লগতে ৰাতুল পাটোৱাৰীয়ে কয় যে সেই সভাত মাত্ৰ বিৰোধীৰ দুগৰাকী লোকহে উপস্থিত আছিল, বাকী সকলো চৰকাৰী পক্ষৰ লোক আছিল ৷ গতিকে সেই সভাত তেওঁলোকে নিজৰ সমস্যা ডাঙি ধৰি লাভ নাই বুলি তেওঁলোকে সভা ত্যাগ কৰি আহিবলৈ বাধ্য হয় ৷ এই সন্দৰ্ভত তথ্য সহকাৰে ৰাতুল পাটোৱাৰীয়ে এই স্পৰ্শকাতৰ অভিযোগ উত্থাপন কৰি সকলোকে এটা এটা তথ্যৰ প্ৰতিলিপি প্ৰদান কৰে ৷

আনহাতে, এইদৰে খিলঞ্জীয়া গৰীয়া লোকক ঠগ প্ৰৱঞ্চনা কৰা কাৰ্যক গৰিহণা দিয়ে জিলা কংগ্ৰেছৰ সম্পাদক দিব্যজ্যোতি হালৈয়ে । একেদৰে এই অনীতিৰ বিৰুদ্ধে বিজেপিৰ সংখ্যালঘু মৰ্চাৰ নেতৃত্বক মাত মাতিবলৈ আহ্বান জনোৱাৰ লগতে জাতীয় দল সংগঠনক এই বিষয়ত প্ৰতিবাদ কৰিবলৈ আহ্বান জনায় দিব্যজ্যোতি হালৈয়ে ।

লগতে পঢ়ক: Dergaon Youth Suicide Case : আৰক্ষীৰ অত্যাচাৰৰ বলি হৈ আত্মহনন কৰা অজয়ৰ আত্মাৰ সদগতি কামনাৰে প্ৰাৰ্থনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.