ETV Bharat / state

প্ৰয়োজনত আইনৰ সহায় ল'ব কলিতা ছাত্র সন্থাই - গণতান্ত্ৰিক আন্দোলন

বৃহস্পতিবাৰে অবিভক্ত গোৱালপাৰা জিলাক লৈ অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিবেশনত কমতাপুৰ স্বায়ত্ব পৰিষদ গঠনৰ বিধেয়ক গৃহীত হোৱাৰ পিচতে সদৌ কলিতা ছাত্র সন্থাই সংবাদমেল যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

ALL ASSAM KALITA STUDENT UNION PRESS MEET AT NALBARI
কমতাপুৰ স্বায়ত্ব পৰিষদ গঠনৰ বিধেয়ক গৃহীত হোৱাৰ পিচতে নলবাৰীত কলিতা ছাত্র সন্থাৰ সংবাদমেল
author img

By

Published : Sep 3, 2020, 7:40 PM IST

নলবাৰী, 3 ছেপ্তেম্বৰ : 2020 বৰ্ষৰ জানুৱাৰী মাহত কমতাপুৰ স্বায়ত্ব পৰিষদ গঠনৰ ঘোষণা কৰাৰ পিচতে বৃহস্পতিবাৰে অবিভক্ত গোৱালপাৰা জিলাক লৈ অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিবেশনত বিধেয়ক গৃহীত হোৱাৰ পিচতে এই সিদ্ধান্তক আদৰণি জনাইছে সদৌ কলিতা ছাত্র সন্থাই ৷ নলবাৰীৰ জিলা কাৰ্যালয়ত এখন সংবাদমেল যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সংগঠনটোৱে ৷

ইফালে, সদৌ কলিতা ছাত্র সন্থাই বিভিন্ন দাৱীৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক 50 শতাংশ আসন কলিতা, নাথ, যোগী, দেশী আদিৰ বাবে ব্যৱস্থা কৰাৰ লগতে 50 শতাংশ কোচ ৰাজবংশী সকলক দিয়াৰ বাবে দাৱী জনাইছে ৷

কমতাপুৰ স্বায়ত্ব পৰিষদ গঠনৰ বিধেয়ক গৃহীত হোৱাৰ পিচতে নলবাৰীত কলিতা ছাত্র সন্থাৰ সংবাদমেল

আনহাতে, অসম চৰকাৰে কোচ ৰাজবংশী সকলক সুৰক্ষা প্ৰদান কৰি আন জনগোষ্ঠীক সুৰক্ষা প্ৰদান নকৰাৰ অভিযোগ প্ৰদান কৰিছে সদৌ কলিতা ছাত্র সন্থাৰ কেন্দ্ৰীয় সম্পাদক দীপাংকৰ কলিতাই । লগতে, কলিতা জনগোষ্ঠীক সুৰক্ষা প্ৰদান নকৰিলে আইনী ব্যৱস্থা লোৱাৰ লগতে গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে সংগঠনটোৱে ।

লগতে পঢ়ক : ৰঙাপৰাত পৌৰ কৰ্মচাৰীৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.