নলবাৰী,6 ডিচেম্বৰ : বিদ্যুৎ আইন (সংশোধনী) বিধেয়ক 2020 আৰু ষ্টেণ্ডাৰ্ড বিডিং ডকুমেণ্ট বাতিলৰ দাবীৰে শনিবাৰে নলবাৰীত বিধেয়কখনৰ প্ৰতিলিপি দাহ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে ৷ অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (APDCL)ক ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়াৰ ক্ষেত্ৰত চৰকাৰে লোৱা সিদ্ধান্ত উঠাই লোৱাৰ দাবীৰে এই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷
![AJYCP protest](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-nlb-02-5dec-ajycp-protest-v-as10004_05122020182337_0512f_1607172817_616.jpg)
সন্ধিয়া 6 বজাত প্ৰায় শতাধিক যুৱ ছাত্ৰ পৰিষদৰ কৰ্মকৰ্তাৰ উপস্থিতিত নলবাৰীৰ হাটখোলা বজাৰস্থিত ‘পাৱাৰ হাউছ’ৰ সন্মুখত ৰূপায়ন কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী ৷ APDCLক কোনোপধ্যে ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিয়া নহ’ব, বিদ্যুৎ আইন (সংশোধনী) বিধেয়ক 2020 বাতিল কৰক, ষ্টেণ্ডাৰ্ড বিডিং ডকুমেণ্ট বাতিল কৰক, নৰেন্দ্ৰ মোদী হুচিয়াৰ, সৰ্বানন্দ সোণোৱাল হায় হায় আদি বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷
উল্লেখ্য যে, APDCLত বৰ্তমান কৰ্মৰত 15 হাজাৰ স্থায়ী আৰু 7 হাজাৰ অস্থায়ী শ্ৰমিক-কৰ্মচাৰী ভৱিষ্যতে কৰ্মসংস্থাপনহীন হৈ পৰাৰ অনিশ্চয়তা আহি পৰিব। কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰৰ এনে জনবিৰোধী নীতিৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ সংগ্ৰাম অব্যাহত থাকিব বুলি সংগঠনটোৱে মন্তব্য কৰে ।
লগতে পঢ়ক : বিধায়ক চক্ৰধৰ গগৈৰ উপস্থিতিত মৰাণত কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান