ETV Bharat / state

বৰক্ষেত্ৰীত এইবাৰ আঞ্চলিকতাবাদৰ ধ্বজা উৰিব:পুলকেশ বৰুৱা

নলবাৰী জিলাৰ কমাৰকুছি মুকলি কৰা হ'ল অসম জাতীয় পৰিষদৰ নতুন কাৰ্যালয় । কাৰ্যালয় মুকলি কৰি অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ তথা অসম জাতীয় পৰিষদৰ নেতা পুলকেশ বৰুৱাৰ তীব্ৰ সমালোচনা বিজেপি চৰকাৰ আৰু স্থানীয় বিধায়কক ।

author img

By

Published : Feb 14, 2021, 9:07 PM IST

বৰক্ষেত্ৰীত এইবাৰ আঞ্চলিকতাবাদৰ ধ্বজা উৰিব:পুলকেশ বৰুৱা
বৰক্ষেত্ৰীত এইবাৰ আঞ্চলিকতাবাদৰ ধ্বজা উৰিব:পুলকেশ বৰুৱা

নলবাৰী,১৪ ফেব্ৰুৱাৰী: নিৰ্বাচন অহাৰ লগে লগে নতুনকৈ গঠন হোৱা অসম জাতীয় পৰিষদে উজনিৰ পৰা নামনিলৈ দলটোৰ ভেটি শক্তিশালী কৰাত ব্যস্ত হৈ পৰিছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তত দলটোৰ কাৰ্যলয় মুকলি কৰাৰ লগতে নলবাৰী জিলাৰ কমাৰকুছিতো মুকলি কৰা হ'ল নতুন দলটোৰ কাৰ্যালয় । অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ তথা অসম জাতীয় পৰিষদৰ নেতা পুলকেশ বৰুৱাই মুকলি কৰে এই কাৰ্যালয়টো ।

কাৰ্যালয় মুকলি কৰি নেতাগৰাকীয়ে তীব্ৰ সমালোচনা কৰে বিজেপি নেতৃত্বধীন চৰকাৰ লগতে বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাক । তেওঁ নিশ্চিত যে বৰক্ষেত্ৰী সমষ্টিত এইবাৰ অসম জাতীয় পৰিষদৰ ধ্বজা উৰিব । তেওঁৰ মতে সমষ্টিটোৰ উন্নয়নত চৰম ব্যৰ্থ হৈছে স্থানীয় বিধায়ক তথা বিজেপি চৰকাৰ । তেওঁৰ অভিযোগ বিধায়ক নাৰায়ণ ডেকাৰ টকা পইচাৰে শক্তিশালী কিন্তু তেওঁৰ কামত সেই শক্তি প্ৰকাশ পোৱা নাই । বিজেপি তথা কংগ্ৰেছ চৰকাৰ যোৱা সময়চোৱাত ৰাইজক কেৱল প্ৰৱঞ্চনা কৰাৰ অভিযোগ তুলিছে নেতাগৰাকীয়ে ।

ইফালে দলটোৰ সভাপতি লুৰিণজ্যেতি গগৈৰ বিৰুদ্ধে কংগ্ৰেছে প্ৰাৰ্থী থিয় নকৰায় বুলি ঘোষণা কৰা সন্দৰ্ভতো অতি গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখা গ'ল এজেপিৰ নেতা পুলকেশ বৰুৱাক ।

লগতে পঢ়ক:২৫ ফেব্ৰুৱাৰীত পুনৰ অসমলৈ আহিব অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.