ETV Bharat / state

মুকালমুৱাত কৃষি আইন বাতিলৰ দাবীত নিখিল ভাৰত কৃষক সভাৰ প্ৰতিবাদ

author img

By

Published : Jan 26, 2021, 4:21 PM IST

গণৰাজ্য দিৱসৰ দিনাই নলবাৰীৰ মুকালমুৱাত নিখিল ভাৰত কৃষক সভাৰ বৰক্ষেত্ৰী আঞ্চলিক সমিতিৰ প্ৰতিবাদ । কৃষকৰ স্বাৰ্থ বিৰোধী তিনি খনকৈ আইন বাতিলৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে বৰক্ষেত্ৰী আঞ্চলিক সমিতিৰ সদস্যসকলে । কান্ধত নাঙল লৈ ৰাজপথলৈ ওলাই আহিল সংগঠনটোৰ কৰ্মকৰ্তাসকল ।

মুকালমুৱাত নিখিল ভাৰত কৃষক সভাৰ বৰক্ষেত্ৰী আঞ্চলিক সমিতিৰ প্ৰতিবাদ

নলবাৰী, ২৬ জানুৱাৰী: আজি সমগ্ৰ দেশতে ৭২ সংখ্যক গণৰাজ্য দিৱস পালন কৰাৰ বিপৰীতে দিল্লীত ট্ৰেক্টৰ ৰেলীৰ আয়োজন কৰি কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা ৩ খন কৃষি আইন বাতিলৰ দাবী জনালে প্ৰতিবাদী কৃষকে । প্ৰতিবাদী কৃষকসকলৰ প্ৰতি সমৰ্থন আগবঢ়াই অসমতো কৃষক সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে । নলবাৰীৰ মুকালমুৱাত নিখিল ভাৰত কৃষক সভাৰ বৰক্ষেত্ৰী আঞ্চলিক সমিতিয়ে কৃষি আইনৰ বিৰোধিতাৰে সাব্যস্ত কৰিলে প্ৰতিবাদ ।

কান্ধত নাঙল লৈ প্ৰতিবাদী সমদলত অংশ ল'লে সংগঠনটোৰ সদস্যসকলে । চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল কৰি তোলে মুকালমুৱাৰ ৰাজপথ । প্ৰতিবাদৰ অন্তত পতাকা উত্তোলন কৰি গণৰাজ্য দিৱস উদযাপন কৰে নিখিল ভাৰত কৃষক সভাৰ বৰক্ষেত্ৰী আঞ্চলিক সমিতিয়ে ।

লগতে পঢ়ক:বৰপেটাত ৭২ সংখ্যক গণৰাজ্য দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.