ETV Bharat / state

অভিনেতা কুলদা কুমাৰ ভট্টাচাৰ্যলৈ ২০২০ বৰ্ষৰ ভবেনবৰুৱা বঁটা - ২০২০ বৰ্ষৰ ভবেনবৰুৱা বঁটা

অভিনেতা কুলদা কুমাৰ ভট্টাচাৰ্যলৈ আগবঢ়ালে 2020 বৰ্ষৰ ভবেন বৰুৱা বঁটা ৷ বৃহস্পতিবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিয়ে সংবাদমেলযোগে ঘোষণা কৰে এই কথা ৷

২০২০ বৰ্ষৰ ভবেনবৰুৱা বঁটা
অভিনেতা কুলদা কুমাৰ ভট্টাচাৰ্যলৈ ২০২০ বৰ্ষৰ ভবেনবৰুৱা বঁটা
author img

By

Published : Aug 28, 2020, 4:29 PM IST

নলবাৰী, 28 আগষ্টঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে বৃহস্পতিবাৰে ঘোষণা কৰে 2020 বৰ্ষৰ ভবেন বৰুৱা বঁটা ৷ বিশিষ্ট অভিনেতা, নাট্যকাৰ, আবৃত্তিকাৰ, জ্যোতি চিত্ৰবনৰ প্ৰতিষ্ঠাপক সঞ্চালক, লণ্ডনত মঞ্চকলা ফিল্ম আৰু টেলিভিছনৰ বিষয়ত পেচাদাৰী প্ৰশিক্ষণ গ্ৰহণ কৰা স্বনামধন্য নাট্যশিল্পী কুলদা কুমাৰ ভট্টাচাৰ্যলৈ আগবঢ়াই এই বঁটা৷ শিল্পী গৰাকীলৈ আগবঢ়োৱা এই বঁটাত আছে নগদ দহ হেজাৰ টকাৰ লগতে মানপত্ৰ আৰু শৰাই । বৃহস্পতিবাৰে পৰিষদৰ জিলা সমিতিৰ কাৰ্যলয়ত এখন সংবাদমেল সম্বোধন কৰি এই কথা ঘোষনা কৰে জিলা সমিতিৰ সম্পাদক নিৰোদ দাসে ।

অভিনেতা কুলদা কুমাৰ ভট্টাচাৰ্যলৈ ২০২০ বৰ্ষৰ ভবেনবৰুৱা বঁটা

উল্লেখযোগ্য যে, ২০০৯ চনৰ পৰা প্ৰতি বছৰে ভবেন বৰুৱা শিশু নাট প্ৰতিযোগিতাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিয়ে একোজন বিশিষ্ট ব্যক্তিক এই বঁটাৰে সন্মানিত কৰি আহিছে ।

আৰু পঢ়কঃ-ভাৰত-ম্যানমাৰ সীমান্তত আটক তিনি আলফা কেডাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.