নলবাৰী, 29 জুন : নলবাৰীত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰিল এখন ট্ৰেভেলাৰ ৷ উল্লেখযোগ্য যে, ঢেকিয়াজুলিৰ পৰা ধুবুৰীলৈ শ্ৰমিক কঢ়িয়াই আনিছিল ট্ৰেভেলাৰ খনে ৷ AS-12-AC-5201 নম্বৰৰ ট্ৰেভেলাৰখন ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দলুৱাত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে পথৰ দাঁতিতে ৷ তাৰাপাচতে এজোপা নাৰিকল গছত খুন্দা মাৰি ওলমি ৰয় গাড়ীখন ৷
জানিব পৰা মতে, ট্ৰেভেলাৰ খনে কঢ়িয়াই আনিছিল ১০ গৰাকীকৈ যাত্ৰী ৷ আনহাতে দুৰ্ঘটনাটো সংঘটিত হোৱা কম-বেচি পৰিমাণে আহত কেবাজনো যাত্ৰী আহত হৈছে বুলি জানিব পৰা গৈছে ৷ ইপনে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাচতে আৰক্ষী আৰু স্থানীয় লোকে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷
একেদৰে গুৰুতৰভাৱে আহত সকলক উদ্ধাৰ কৰি নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে ৷ দুৰ্ঘটনাটো ইমানে ভয়ংকৰ আছিল যে যাত্ৰী সকলক মেচিনৰে চিট কাটি উলিওৱা হৈছে ট্ৰেভালাৰ খনৰ পৰা ৷ সম্প্ৰতি এই ঘটনাই নলবাৰীত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ৷
লগতে পঢ়কঃ ঘৰে ঘৰে গৈ অবৈধ বিদ্যুৎ সংযোগ কৰ্তন APDCL ৰ