ETV Bharat / state

পথৰ মাজত ভূঁই ৰুই প্ৰতিবাদ আছুৰ

বিধ্বস্ত পথ মেৰামতিৰ বাবে বাৰে বাৰে কৰা আহ্বানৰ পিছতো গা নলৰিল চৰকাৰৰ ৷ চৰকাৰৰ ভূমিকাত অতিষ্ঠ হৈ বুধবাৰে নলবাৰীত ব্যতিক্ৰমী প্ৰতিবাদ সাব্যস্ত কৰে নলবাৰী আছুৱে ৷ আছুৰ এটা দলে পথৰ মাজত জাল-জাকৈ মৰাৰ লগতে ভূঁই ৰুই সাব্যস্ত কৰে এই প্ৰতিবাদ ৷

AASU Protest due to poor conditions of road nalbari assam etv bharat news
ভূঁই ৰুই প্ৰতিবাদ আছুৰ
author img

By

Published : Jul 29, 2020, 3:34 PM IST

নলবাৰী,29 জুলাই: বিধ্বস্ত পথ মেৰামতিৰ দাবীত বুধবাৰে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে নলবাৰী আছুৱে । এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজ ৷ উল্লেখ্য যে,জিলাখনৰ মাজেৰে পাৰ হৈ যোৱা 31নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী নাৰিকুছি-পূৰ্ণ কামদেৱ পথটো দীৰ্ঘদিনৰ পৰা শোচনীয় অৱস্থাত আছে ৷ উক্ত পথছোৱা মেৰামতিৰ দাবীত স্থানীয় ৰাইজে বিধায়কগৰাকীৰ লগতে বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ আবেদন কৰিও লাভ কৰা নাছিল কোনো সুফল ৷ অৱশেষত জন প্ৰতিনিধিৰ ভূমিকাত অতিষ্ঠ হৈ ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হয় অঞ্চলবাসী ৷

ভূঁই ৰুই প্ৰতিবাদ আছুৰ

প্ৰতিবাদী ৰাইজৰ লগতে আছুৰ দলটোৱে ৰাজপথৰ মাজত জাল-জাকৈ ব্যৱহাৰ কৰি মাছ মাৰি আৰু ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰে চৰকাৰৰ বিৰুদ্ধে ৷ অঞ্চলটো নলবাৰী সমষ্টিৰ লগতে এয়া স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গৃহ গাঁৱৰ নিচেই সমীপত অৱস্থিত ৷ অঞ্চলটোৰ পথটো দীৰ্ঘদিনে মেৰামতিৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে আছুকৰ্মীসকলে ৷

লগতে চাওকঃ অস্থায়ী শিবিৰৰ বানাক্ৰান্তৰ অবৰ্ণনীয় পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.