নলবাৰী,6 এপ্ৰিল: সোমবাৰে নিশা নলবাৰীত সংঘটিত হয় ভংয়কৰ অগ্নিকাণ্ড ৷ চহৰখনৰ মাজ মজিয়াৰ জিলিকনি চ'কত থকা মনোজ হোটেল নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনত সূত্ৰপাত হয় অগ্নিকাণ্ডৰ ৷ স্থানীয় লোকে ৰাতিপুৱা চাৰি মান বজাত জুই প্ৰত্যক্ষ কৰে ৷ অগ্নিকাণ্ড ইমানেই ভংয়কৰ আছিল যে জুইৰ লেলিহান শিখাই নিমিষতে আৱৰি ধৰিছিল সমগ্ৰ প্ৰতিষ্ঠানখন ৷
![নিশা নলবাৰীত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11294642_fgdfg.jpg)
স্থানীয় লোকৰ তৎপৰতাত চাৰিখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে প্ৰায় এঘন্টা ধৰি চেষ্টা চলাই জুই নিৰ্বাপন কৰে ৷ এই অগ্নিকাণ্ডৰ ফলতে ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ সকলো সা-সামগ্ৰীৰ লগতে প্ৰতিষ্ঠানৰ ওচৰত থকা এখন চাৰিচকীয়া বাহন জুইত জাহ যায় ৷ বৰ্তমানলৈকে অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও সৌভাগ্য ক্ৰমে ঘটনাত কোনো লোক হতাহত হোৱা নাই ৷
লগতে পঢ়ক: বিপিএফ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মৰ বাসগৃহত উত্তপ্ত পৰিস্থিতি