নলবাৰী, 12 অক্টোবৰ : অৱশেষত মৃত্যুৰে হাৰ মানিলে পৰিয়ালৰ পৰা এলাগী হৈ পৰা বঙাইগাঁৱৰ অসহায় বৃদ্ধা মাতৃ তিলোত্তমা ৰায়ে ৷ জীৱনৰ শেষ যাত্ৰাটো বৃদ্ধা গৰাকীৰ কাষত পৰিয়ালৰ লোক উপস্থিত নোহোৱাত বদ্ধা গৰাকীক বৈদিক নিয়মেৰে মুখাগ্নি কৰিলে বিগত দুবছৰে ভৰণ পোষণৰ দায়িত্ব বহন কৰা সাংবাদিক মজিবুৰ ৰহমানে ৷ সোমবাৰে পুৱাৰ ভাগত শান্তি নিৱাস বৃদ্ধাশ্ৰমত শেষ শ্ৰদ্ধা জনোৱাৰ পিছত নলবাৰীৰ ৰাজহুৱা শ্মশানত শেষ কৃত্য সম্পন্ন কৰা দুৰ্ভগীয়া বৃদ্ধা গৰাকীৰ ৷ শেষ কৃত্য সম্পন্ন কাৰ্যসূচীত সহযোগিতা আগবঢ়াই নলবাৰী থানা গাওঁৰক্ষী সংগঠনৰ চক্ৰ সংগঠক প্ৰদীপ দাস, মুকালমুৱা থানা গাওঁৰক্ষী সংগঠনৰ চক্ৰ সংগঠক নজৰুল ইছলাম, হাইস্কুল শিক্ষক সংস্থাৰ জিলা সম্পাদক উমেশ চন্দ্ৰ দাস, মজলীয়া শিক্ষক সংস্থাৰ জিলা সভাপতি বিজয় বৰুৱাৰ লগতে অসংখ্য লোকে ৷
উল্লেখ্য যে, বঙাইগাঁৱৰ বইতামাৰী অঞ্চলৰ কমলেশ্বৰ ৰাজবংশী আৰু তিলোত্তমা ৰায়ৰ দুই কন্যাৰে এখন সুখৰ সংসাৰ আছিল ৷ স্বামীৰ মৃত্যুৰ পিছত আশী উৰ্ধৰ বৃদ্ধা মাতৃক এলাগী কৰিলে বিবাহিতা দুই কন্যাই ৷ যাৰ বাবে যোৱা আঢ়ৈ বছৰ ধৰি বৃদ্ধা গৰাকীক নলবাৰীৰ শান্তি নিৱাস বৃদ্ধাশ্ৰমত আশ্ৰয় ও ভৰণ পোষণৰ দায়িত্ব বহন কৰিছিল সাংবাদিক মজিবুৰ ৰহমানে ৷ যোৱা সময়ছোৱাত সাংবাদিক ৰহমানে বৃদ্ধা গৰাকীৰ সকলো আলপৈচান ধৰাৰ লগতে তেওঁৰ পৰিয়ালৰ সতে যোগাযোগ কৰে ৷
যোৱা সময়ছোৱাত বৃদ্ধা গৰাকীৰ দুই কন্যাৰ সতে যোগাযোগ কৰাত মাতৃক চমজি নলয় বুলি জনাই বৃদ্ধাৰ কন্যাদ্বয়ে ৷ লকডাউনৰ সময়ছোৱাতো বৃদ্ধাৰ পৰিয়ালৰ সতে সাংবাদিক ৰহমানে যোগাযোগ কৰিছিল যদিও ব্যৰ্থ হয় সাংবাদিকগৰাকী ৷ ইফালে যোৱা কুৰি দিন ধৰি বৃদ্ধা মাতৃ গৰাকীৰ স্বাস্থ্যৰ অৱস্থা অধিক সংকটজনক হৈ পৰাত হৈ পৰাত দুই কন্যাৰ সতে সাংবাদিক ৰহমানে পুনৰ যোগাযোগ কৰি মাতৃক এবাৰ চাবলৈ অনুৰোধ জনাইছিল যদিও পৰিয়ালটোৰ কোনো এগৰাকী সদস্যই শেষবাৰৰ বাবে চাবলৈ নাহিল বৃদ্ধা গৰাকীক ৷ ইফালে নিজ কণ্যাৰ নাম কৈ কৈ অৱশেষত সোমবাৰে পুৱাৰ ভাগত শেষ নিশ্বাস ত্যাগ কৰে বৃদ্ধা মাতৃ তিলোত্তমা ৰায়ে ৷ সোমবাৰে পুৱাৰ ভাগত শান্তি নিৱাস বৃদ্ধাশ্ৰমত শেষ শ্ৰদ্ধা জনোৱাৰ পিছত নলবাৰীৰ ৰাজহুৱা শ্মশানত সম্পূৰ্ণ বৈদিক নিয়মেৰে সাংবাদিক মজিবুৰ ৰহমানে শেষকৃত্য সম্পন্ন কৰে তিলোত্তমা ৰায়ৰ ৷
লগতে পঢ়কঃসংৰক্ষিত আসনত বহাক কেন্দ্ৰ কৰি হাইলাকান্দিত কংগ্ৰেছ কৰ্মীৰ মাজত সংঘাত