নলবাৰী, 19 ডিচেম্বৰ: বিগত 16 বছৰে অৰ্ধনিৰ্মিত অৱস্থাতে এটা চৰকাৰী সভাগৃহ ৷ তদানীন্তন কংগ্ৰেছী বিধায়ক মদন কলিতাৰ দিনতেই বিধায়ক পুঁজি তথা জিলা পৰিষদৰ অনুদানেৰে নির্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল ঘগ্ৰাপাৰ থানাৰ নিচেই সমীপৰ এই চৰকাৰী সভাগৃহটো ।
বিধায়ক মদন কলিতাৰ সময়ছোৱাত তেখেতৰ পত্নী জিলা পৰিষদৰ সভানেত্ৰী হোৱাৰ সময়ত এই ঘৰটো আৱন্টন কৰা হৈছিল ৷ কিন্তু ইয়াৰ পৰৱৰ্তী সময়ত সমষ্টিটোত কেইবাগৰাকী বিধায়ক সলনি হ'ল যদিও সভাগৃহটো নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাত কোনোৱে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ তুলি অতি সোনকালে এই সভাগৃহটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ দাবী জনাইছে ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাই ৷
ইফালে, কেইবালাখ টকা খৰচ কৰি নিৰ্মান কৰা সভাগৃহটো ধুমুহাৰ ফলত টিনপাত আদি উৰুৱাই নি বিস্তৰ ক্ষতি সাধন কৰাৰ পিছত নিৰ্মাণ কাৰ্যত ব্যৱহাৰ হোৱা প্ৰায় দহ লাখ টকাৰ সামগ্ৰী তেতিয়াৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰ বিষয়াৰ অধীনত ৰখা হৈছিল বুলি সদৰি কৰিছে ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাই । কিন্তু ইয়াৰ পৰৱৰ্তী সময়ত কেইবাজনো চক্ৰ বিষয়া সলনি হ'ল ৷ এইসকলৰ ভিতৰত কোনোৱে গোপনে এই সামগ্ৰীসমূহ বিক্ৰী কৰাৰ অভিযোগ তুলিছে সংগঠনটোৰ নেতৃত্বই ।