ETV Bharat / state

Tens situation in Nalbari: চিকিৎসকৰ অজ্ঞাতে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে কৰিলে শিশুৰ চিকিৎসা - Nalbari medical irragularities

নলবাৰীৰ মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত আজৱ ঘটনা । চিকিৎসকৰ অজ্ঞাতে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে চিকিৎসা কৰিলে এগৰাকী শিশুক । ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ৷

Tens situation in Nalbari
এটা নাভূত-নাশ্ৰুত ঘটনা
author img

By

Published : Jul 30, 2023, 10:08 AM IST

এটা নাভূত-নাশ্ৰুত ঘটনা

নলবাৰী, ৩০ জুলাই : এটা নাভূত-নাশ্ৰুত ঘটনা ৷ যি ঘটনা শুনিলে চকু কঁপালত উঠিব আপোনাৰ ৷ এখন চৰকাৰী চিকিৎসালয়লৈ অহা ৰোগীক চিকিৎসকৰ পৰিৱৰ্তে চিকিৎসা কৰিলে চতুৰ্থবৰ্গৰ কৰ্মচাৰীয়ে ৷ আনকি চিকিৎসাৰ অন্তত চুৰ্থবৰ্গৰ কৰ্মচাৰীয়ে ৰোগীক লিখি দিলে ঔষধৰ এখন দীঘলীয়া তালিকাও ৷ এই ঘটনা পোহৰলৈ অহাৰ পাচতে সৰ্বত্ৰে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

আমি কৈ থকা এই অদ্ভূত ঘটনাটো সংঘটিত হৈছে নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ প্ৰাণকেন্দ্ৰ মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত ৷ চিকিৎসকৰ অজ্ঞাতে এগৰাকী ৮ বছৰীয়া শিশুৰ চিকিৎসা কৰিলে চিকিৎসালয়খনৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে । এই অভিযোগ উত্থাপন কৰিছে শিশুটিৰ পৰিয়ালৰ লোকে ৷

জানিব পৰা মতে, ঘৰতে খেলি থকা অৱস্থাত গছৰ পৰা পৰি চাউলখোৱা পাৰৰ এটি ৮ বছৰীয়া শিশুয়ে হাতত গুৰুতৰভাৱে আঘাত পায় ৷ তাৰ পাচত শিশুটিক তেওঁৰ পিতৃয়ে চিকিৎসালয়লৈ লৈ যায় ৷ সেই সময়ত চিকিৎসালয়খনত ডিউটিত থকা চিকিৎসকগৰাকীয়ে প্ৰসূতি বিভাগত অন্য এগৰাকী ৰোগীক চিকিৎসা কৰি আছিল । সেয়ে চিকিৎসকগৰাকীৰ অনুপস্থিতিত তেওঁৰ অজ্ঞাতে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী কেইজনমানে শিশুটিৰ চিকিৎসা কৰি হাত প্লাষ্টাৰ কৰাৰ লগতে ঔষধৰ এখন ডাঙৰ লিষ্ট লিখি দি চাৰিশ টকা বিচাৰে ।

পৰৱৰ্তী সময়ত শিশুটিৰ পৰিয়ালৰ অন্য লোকসকল চিকিৎসালয়খনত উপস্থিত হোৱাতহে ঘটনাটো পোহৰলৈ আহে । তাৰ পিচতে উক্ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী কেইজনে ঔষধৰ নাম লিখি দিয়া কাগজখন ফালি চিকিৎসালয়ৰ পৰা পলায়ন কৰে ।

পৰৱৰ্তী পৰ্যায়ত ডিউটিত থকা চিকিৎসকগৰাকীয়ে Emargency Ward ত উপস্থিত হৈ শিশুটিৰ চিকিৎসা কৰে । উল্লেখযোগ্য যে, চিকিৎসালয়খনৰ একাংশ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে নিজৰ মইমতালিৰে ৰোগীসকলক হাৰাশাস্তি কৰাৰ অভিযোগ পূৰ্বৰে পৰা উত্থাপন হৈ আহিছিল । চিকিৎসকৰ অজ্ঞাতে ৰোগীক চিকিৎসা কৰি ৰোগী সকলৰ জীৱনক লৈ হেতালি খেলা এইসকল চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বিৰুদ্ধে নলবাৰী জিলা স্বাস্থ্য বিভাগে কি পদক্ষেপ হাতত ল'ব সেইটোহে এতিয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক : Gang raped in Jorhat : প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যানৰ বাবেই অপহৰণ কৰি নাবালিকাক দলবদ্ধ ধৰ্ষণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.