ETV Bharat / state

Nalbari Harimandir samiti : হৰিমন্দিৰ সমিতিৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত দ্বাৰস্থ ১৪ জনীয়া আজীৱন সভ্য সদস্য

author img

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 9:19 AM IST

নলবাৰী হৰিমন্দিৰ সমিতিকলৈ বিতৰ্ক অব্যাহত । ৰাজনৈতিক হাতোৰাত বন্দী হৰিমন্দিৰ সমিতিৰ ভঙা পতাৰ খেল । মন্ত্ৰীৰ উপস্থিতিত মাৰপিটৰ ঘটনাকলৈয়ো উদ্বেগ প্ৰকাশ অশোক শৰ্মাৰ ৷

Nalbari Harimandir samiti
নলবাৰী হৰিমন্দিৰ সমিতিকলৈ বিতৰ্ক অব্যাহত

নলবাৰী, ৩০ ছেপ্টেম্বৰ : বিতৰ্ক অব্যাহত আছে নলবাৰীৰ ঐতিহাসিক শ্ৰীশ্ৰী হৰিমন্দিৰ সমিতিৰ । সমিতিত একাংশ অধৰ্মী লোকে আজীৱন সভ্য সদস্য হোৱাৰ অভিযোগত নিতৌ বিতৰ্কৰ মাজত সোমাই আহিছে পবিত্ৰ হৰিমন্দিৰৰ নাম । একাংশ লোকে ৰাজনৈতিক ক্ষমতাৰ অপব্যৱহাৰ কৰি ধৰ্মীয় অনুষ্ঠানত আজীৱন সভ্য হোৱাৰ কথা সদৰী নলবাৰীৰ প্ৰাক্তন বিধায়ক তথা হৰিমন্দিৰ সমিতিৰ প্ৰাক্তন সভাপতি অশোক শৰ্মাৰ ।

নলবাৰীৰ হৰিমন্দিৰৰ সমিতিক কেন্দ্ৰ কৰি বিতৰ্ক অব্যাহত থকাৰ সময়তে শেহতীয়াভাৱে গঠিত তদৰ্থ সমিতিৰ বিৰুদ্ধে শুকুৰবাৰে পুনৰ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে ক্ষুব্ধ আজীৱন সদস্য । হৰিমন্দিৰৰ সভাপতি তথা প্ৰাক্তন বিধায়ক অশোক শৰ্মা, সাধাৰণ সম্পাদক নগেন ডেকাকে ধৰি ১৪ জন আজীৱন সভ্যই ৰাজ্য চৰকাৰৰ লগতে নলবাৰীৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, জিলা আয়ুক্ত বৰ্ণালী ডেকা, অতিৰিক্ত উপায়ুক্ত চয়নিকা ঠাকুৰীয়া, আয়ুক্ত কাৰ্যালয়ৰ বিত্ত আৰু গাণনিক বিষয়া, হৰিমন্দিৰৰ আজীৱন সভ্য মদন মালাকৰ আৰু মনোজ কুমাৰ চৌধুৰীৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৫৭৯০/২০২৩ নম্বৰত এটা গোচৰ ৰুজু কৰে ।

উল্লেখ্য যে, অনুৰূপ ঘটনা সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত ইতিমধ্যে তৰা ৫০১৩/২০২৩ নম্বৰ গোচৰৰ শুনানিৰ দিন ৪ অক্টোবৰত ধাৰ্য কৰা হৈছে । এনে অৱস্থাত ৩০ তাৰিখৰ ভিতৰত সভাপতি-সম্পাদকে হিচাপ নিদিলে জিলা আয়ুক্তই আবেদনকাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হ’ব বুলি যি নিৰ্দেশ জাৰি কৰিছিল, সেই সন্দৰ্ভত ন্যায়ালয়ৰ পৰৱৰ্তী শুনানি নোহোৱালৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিব বুলি শুকুৰবাৰে ন্যায়ালয়ে নিৰ্দেশ জাৰি কৰিছে ।

ইপিনে শুকুৰবাৰে নলবাৰী হৰিমন্দিত হৰিমন্দিৰ সমিতিৰ বিতৰ্ককলৈ সংবাদমেলযোগে মুখ খুলিলে হৰিমন্দিৰ সমিতিৰ সভাপতি তথা প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ লগতে সম্পাদক নগেন ডেকাই ৷ বিগত মাহৰ কিছুদিন পূৰ্ৱে নলবাৰীৰ হৰিমন্দিৰ প্ৰাংগণত জিলা আয়ুক্তৰ নিৰ্দেশত এখন সভা অনুষ্ঠিত কৰা হৈছিল ।

য’ত হৰিমন্দিৰৰ ন পুৰণি সকলো আজীৱন সভ্য উপস্থিত আছিল । উক্ত সভাত উপস্থিত আছিল নলবাৰীৰ বৰ্তমানৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাও । সেই সভাতে এজন আজীৱন সভ্য/সদস্যই কিছু বিসংগতিৰ অভিযোগ উত্থাপন কৰোতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল । য’ত মন্দিৰত সেৱা নকৰা লোকে মাথোঁ ৰাজনৈতিক ক্ষমতা দেখুৱাই টকা দি আজীৱন সদস্য হোৱা বুলি এই সংবাদমেলত সদৰী কৰে প্ৰাক্তন সভাপতি অশোক শৰ্মাই ।

মন্ত্ৰী এগৰাকীৰ উপস্থিতিত এনে ঘটনা হৰিমন্দিৰৰ প্ৰাংগণত এয়া প্ৰথম বুলি ব্যক্ত কৰে অশোক শৰ্মাই । নলবাৰী হৰিমন্দিৰৰ সভাত এনে মাৰপিটৰ ঘটনাই পবিত্ৰ আৰু ঐতিহাসিক শ্ৰী শ্ৰী হৰিমন্দিৰৰ ইতিহাসত প্ৰথমবাৰলৈ হোৱা বুলি সদৰী কৰি উক্ত ঘটনাক লৈ উদ্বেগ প্ৰকাশো কৰে ।

লগতে পঢ়ক : Save Deepar Beel: পৰিভ্ৰমী পক্ষীৰ লগতে দীপৰ বিলত হ্ৰাস থলুৱা চৰাইৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.