ETV Bharat / state

চিকিৎসাত গাফিলতিৰ অভিযোগঃ ভাতৃৰ মৃত্যুত জ্যেষ্ঠ ভগ্নীৰ চিৎকাৰ

author img

By

Published : Jul 25, 2019, 3:03 PM IST

নিশা উত্তপ্ত নগাঁৱৰ জি ডি নাৰ্ছিং হোম । চিকিৎসকৰ গাফিলতিৰ বাবেই এজনৰ মৃত্যুৰ অভিযোগ। ৰোগীৰ জীৱনক লৈ হেতালি খেলাৰ অভিযোগ নাৰ্ছিং হোমখনৰ বিৰুদ্ধে ৷

চিকিৎসাত গাফিলতিৰ অভিযোগ

নগাঁও, 25 জুলাইঃ বুধবাৰে মাজনিশা নগাঁও জিলাৰ এখন ব্যক্তিগত নাৰ্ছিং হোমৰ সন্মুখত এগৰাকী মহিলাৰ গগন ফলা চিৎকাৰ ৷ নিজ ভাতৃৰ কথা বিৱৰি উপৰ্যুপৰি কান্দিছে মহিলাগৰাকীয়ে ৷ চিকিৎসালয়ৰ সমুখত চিকিৎসকক গালি-গালাজ পাৰিছে মহিলাগৰাকীয়ে ৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে বুধবাৰে নিশা নগাঁৱৰ জি ডি নাৰ্ছিং হোমত মৃত্যুক আঁকোৱালি লয় এজন যুৱকে ৷ তিনিদিন পূৰ্বে ভাইৰেল জ্বৰত আক্ৰান্ত হোৱা কঁঠীয়াতলীৰ ৰেংবেঙৰ সন্তোষ কুমাৰ দাস নামৰ যুৱকজনক ভৰ্তি কৰোৱা হৈছিল নগাঁৱৰ জি ডি নাৰ্ছিং হোমত ।

চিকিৎসাত গাফিলতিৰ অভিযোগ

যুৱকজনক চিকিৎসা প্ৰদান কৰিছিল চিকিৎসক মৌৰে ৷ কিন্তু সন্তোষৰ পৰিয়ালৰ অভিযোগ অনুসৰি চিকিৎসক মৌৰৰ ভুল চিকিৎসা আৰু অমনযোগিতাৰ ফলতে মৃত্যুমুখত পৰে সন্তোষ ৷ চিকিৎসালয়খনৰ বাহিৰত শোকত ভাগি পৰা সন্তোষৰ আত্মীয়ৰ ফলত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত আৰক্ষী, অৰ্ধসামৰিক বাহিনীক মোতায়ন কৰা হয় ৷

উল্লেখ্য যে, নগাঁও চহৰৰ খুটিকতিয়াস্থিত জি ডি নাৰ্ছিং হোমত ৰোগী এনেদৰে মৃত্যুমুখত পৰা ঘটনা নতুন নহয় ৷ পূৰ্বে কেইবাবাৰো ভুল চিকিৎসা, চিকিৎসকৰ গাফিলতিৰ অভিযোগত এনে পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে ৷

Intro:নিশা উত্তপ্ত নগাঁৱৰ জি ডি নাৰ্ছিং হোম। চিকিৎসকৰ গাফিলতিৰ বাবেই এজনৰ মৃত্যুৰ অভিযোগ। ৰোগীৰ জীৱনক লৈ হেতালি খেলাৰ অভিযোগ নাৰ্ছিং হোমখনৰ বিৰুদ্ধে। উচ্চশিক্ষিত এজন যুৱকৰ মৃত্যু হোৱাৰ পিছতেই ক্ষোভত ফাটি পৰে পৰিয়ালৰ লোক। একমাত্ৰ ভাতৃৰ মৃত্যুৰ পিছত জ্যেষ্ঠ ভগ্নীৰ হৃদয় কপোৱা চিৎকাৰ। এতিয়া কাৰ হাতত পিন্ধাম ৰাখি।

Body:এতিয়া মই কাৰ হাতত পিন্ধাম ৰাখি। চিকিৎসক মৌৰৰ গাফিলতিৰ বাবেই মৃত্যুক সাৱটিলে মোৰ একমাত্ৰ উচ্চশিক্ষিত ভাতৃয়ে। মাজনিশা নগাঁৱৰ ব্যক্তিগত নাৰ্ছিং হোমৰ সন্মুখত এনেদৰে কান্দোনত ভাঙি পৰিল জ্যেষ্ঠ ভগ্নী। নগাঁৱৰ জি ডি নাৰ্ছিং হোমত চিকিৎসকৰ গাফিলতিত এগৰাকী উচ্চশিক্ষিত যুৱকৰ মৃত্যু হোৱাৰ অভিযোগত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। তিনিদিন পূর্বে ভাইৰেল জ্বৰত আক্ৰান্ত কঠীয়াতলীৰ ৰেংবেংৰ সন্তোষ কুমাৰ দাস নামৰ যুৱকজনক ভৰ্তি কৰোৱা হৈছিল নগাঁৱৰ এইখন জি ডি নাৰ্ছিং হোমত। চিকিৎসাৰ অন্তত সংকতজনক হৈ পৰা সন্তোষ দাসৰ কি ৰোগ হৈছে সেয়াই গম পোৱা নাই বুলি চিকিৎসকে অৱগত কৰে পৰিয়ালক। আনকি চিকিৎসক মৌৰে সন্তোষ দাসৰ পৰিয়ালৰ লোকক দুৰ্ব্যৱহাৰ কৰাৰো অভিযোগ। বুধবাৰে মাজনিশা মৃত্যু হয় সন্তোষ দাসৰ। যুৱকজনৰ মৃত্যুৰ পিছতেই ব্যক্তিগত নাৰ্ছিংহোমখনৰ সন্মুখৰ পৰিবেশ এয়া। বহুলোকে ঘেৰাও কৰে চিকিৎসালয়খন। ক্ষোভত ফাটি পৰে পৰিয়াল। কান্দোনত ভাগি পৰে একমাত্ৰ ভাতৃক হেৰুৱা জ্যেষ্ঠ ভগ্নী। শোকাকুল পৰিবেশ, উত্তপ্ত পৰিস্থিতি। পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত মোতায়েন কৰা হয় আৰক্ষী, অৰ্ধসামৰিক বাহিনী। অৱশেষত নিয়ন্ত্ৰনলৈ আহে পৰিস্থিতি। দীর্ঘসময়ৰ অন্তত পুৱতি নিশা পৰিয়ালৰ লোকে চমজি লয় মৃতদেহ।
bite. পৰিয়ালৰ লোক।

Conclusion:উল্লেখযোগ্য যে নগাওঁ চহৰৰ খুটিকতিয়াস্থিত এইখন জি ডি নাৰ্ছিং হোমত এয়াই প্ৰথম ঘটনা নহয়। পূৰ্বে কেইবাবাৰো ভুল চিকিৎসা, চিকিৎসকৰ গাফিলতিৰ অভিযোগত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ। কেইবাবাৰো ভাঙি লণ্ডভণ্ড কৰিছিল চিকিৎসালয়খনৰ আচবাব। চিকিৎসালয়খনত বাৰম্বাৰ এনে ঘটনা সংঘটিত হৈ অহাৰ পিছতো কিন্তু গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা।
-------------------------------------------------
নগাঁৱৰ পৰা ৰকিবুল ওৱাহিদ ই টি ভি ভাৰত অসম
২৫-৭-১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.